মধ্য অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত আজি পুৱাৰে পৰা চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৭৯৫ হেক্টৰ ভূমিত প্ৰশাসনে বুলড’জাৰ চলাই ভাঙিলে, ২০৭০টা কেঁচা ঘৰ,১৯২টা পকী ঘৰ। ৪টাকৈ শিবিৰ স্থাপন উচ্ছেদৰ বাবে জাননী পোৱাৰ পাছতেই যথেষ্ট সংখ্যক পৰিয়ালে নিজৰ ঘৰ ভাঙি অন্য ঠাইলৈ ঢপলিয়াইছিল যদিও বহু লোকে এৰা নাছিল অঞ্চল। আজিপৰ্যন্ত একাংশ লোক আছিল বাসগৃহতেই। চৰকাৰী জাননী অনুসৰিয়েই আজি পুৱাই কেইবাখনো বুলড’জাৰ লৈ প্ৰশাসনে এফালৰ পৰা ভাঙি গল বেদখলকাৰীৰ ঘৰ। নিমিষতে আপোন ঘৰ হেৰুৱাই এইদৰে চিঞৰি চিঞৰি কান্দিলে উচ্ছেদিতই। চৰকাৰক বিকল্প ব্যৱস্থাৰ বাবে জনালে আহ্বান।

কামপুৰ লুটুমাৰী মাজগাঁৱৰ উচ্ছেদস্থলীত, উচ্চেদ অভিযানৰ মাজতে অজ্ঞান হৈ পৰিল এহাল স্বামী-স্ত্ৰ ৷ নদীয়ে ঘৰ উটুৱাই নিয়াৰ পাছত বনানঞ্চলৰ ভূমিত বসবাস কৰি আছিল তেওঁলোক৷ কিন্তু চৰকাৰৰ এই উচ্ছেদত পুনৰ ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে পৰিয়ালটো। ৰাজ্যৰ বেদখলকাৰীয়ে ৰেহাই নাপাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰায়েই ঘোষণা কৰি অহাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া নগাঁও জিলা প্ৰশাসনো হৈ পৰিছে তৎপৰ । নিৰ্দিষ্ট সময়ত স্বেচ্ছাই চৰকাৰী অথবা বনভূমি ত্যাগ নকৰিলে উচ্ছেদ চলাই হ’লেও বেদখলমুক্ত কৰা হৈছে চৰকাৰী ভূমি ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...