মহাতাৰকাৰে ভৰপূৰ ফুটবল ৰণৰ বাবে সাজু ইউৰোপ

মহাতাৰকাৰে ভৰপূৰ ফুটবল ৰণৰ বাবে সাজু ইউৰোপ
আজিৰে পৰা জাৰ্মানীত ইউৰো কাপ ২০২৪
দুভৰিৰ যুঁজৰ বাবে সাজু এমবাপে, ৰ’নাল্ডো

ফুটবল মানেই যেন ইউৰোপ, ইউৰোপ মানেই যেন ফুটবল। ইউৰোপবাসীৰ মনে প্ৰাণে আছে ফুটবলৰ উন্মাদনা, ভালপোৱা। শিৰে শিৰে প্ৰাণভৰি উপভোগ কৰে দুভৰিৰ যাদু। প্ৰিমিয়াৰ লীগ অথবা লা লীগাৰ দৰে বিশ্বৰ আগশাৰী ফুটবল লীগ ইউৰোপত অনুষ্ঠিত হৈ আহিছে। লীগ ফুটবলৰ লগতে মহাদেশখনৰ দেশসমূহৰ মাজত অনুষ্ঠিত হোৱা এখন বিশেষ প্ৰতিযোগিতাক লৈ দৃষ্টি নিবদ্ধ থাকে ফুটবলপ্ৰেমীৰ। সেয়া হৈছে ইউৰো কাপ। ১৭ সংখ্যক ইউৰো কাপৰ বাবে সাজু হৈছে ফুটবল অনুৰাগী। ইউৰোপৰ শক্তিধৰ ৰাষ্ট্ৰ জাৰ্মানীত আজিৰে পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ।

অহা ১৪ জুলাইলৈ অনুষ্ঠিত হ’ব ইউৰো ২০২৪
১৪ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল মেচ
ভাৰতীয় সময় অনুসৰি মাজনিশা ১২.৩০ বজাত হ’ব উদ্বোধনী খেল
সমুখ সমৰত জাৰ্মানী বনাম স্কটলেণ্ড

ইয়াৰ পূৰ্বেও এবাৰ জাৰ্মানীত অনুষ্ঠিত হৈছিল ইউৰো কাপ। ১৯৮৮ চনত জাৰ্মানীত অনুষ্ঠিত হৈছিল ইউৰো কাপ প্ৰতিযোগিতা। মুঠ ২৪টা দলৰ মাজত অনুষ্ঠিত হ’ব এইবাৰৰ ইউৰো ২০২৪। জাৰ্মানীৰ ১০খন বিশ্ব মানৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচসমূহ।

উল্লেখ্য যে, ২৪টা দলৰ মাজত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখন ৬টা গ্ৰুপত ভাগ কৰা হৈছে। একোটা গ্ৰুপত আছে ৪টা দল।

গ্ৰুপ Aত আছে জাৰ্মানী, স্কটলেণ্ড, হাংগেৰি আৰু ছুইজাৰলেণ্ড
গ্ৰুপ Bত আছে স্পেইন, ক্ৰ’ৱেছিয়া, ইটালী আৰু আলবেনিয়া
গ্ৰুপ Cত আছে শ্লোভেনিয়া, ডেনমাৰ্ক, ছাৰ্বিয়া আৰু ইংলেণ্ড
গ্ৰুপ Dত আছে পোলেণ্ড, নেডাৰলেণ্ড, অষ্ট্ৰিয়া আৰু ফ্ৰান্স
গ্ৰুপ Eত আছে বেলজিয়াম, শ্লোভাকিয়া, ৰোমানিয়া আৰু ইউক্ৰেইন
গ্ৰুপ Fত আছে তুৰস্ক, জৰ্জিয়া, পৰ্তুগাল আৰু চেক গণৰাজ্য

মন কৰিবলগীয়া যে, যুদ্ধ জৰ্জৰ ৰাষ্ট্ৰ ইউক্ৰেইনেও অংশগ্ৰহণ কৰিব এইবাৰৰ ইউৰো কাপত। ইপিনে, বিশ্ব ফুটবলৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হয়তো এইখন হ’ব পাৰে অন্তিমখন ইউৰো প্ৰতিযোগিতা। ৩৯ বছৰীয়া ফুটবলাৰজনে পৰিৱৰ্তী প্ৰতিযোগিতাখনত খেলাৰ আশা ক্ষীণ। এতিয়া অপেক্ষা মাথোঁ কেইটামান ক্ষণৰ। ফুটবলৰ মহাৰণৰ বাবে সাজু হৈছে ফুটবলপ্ৰেমী।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...