নেদেখাজনৰ শৰণাপন্ন এখন গাঁৱৰ ৰাইজ

ভগৱানতে শেষ ভৰষা। নেদেখাজনৰ শৰণাপন্ন এখন গাঁৱৰ ৰাইজ। বৰলুইতৰ পাৰত কৰিলে নাম কীৰ্তন। টীয়কৰ শগুণপৰাত খহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। লুইতৰ বুকুত ঘৰ-বাৰী সঁপি দি ঠিকনাবিহীন হৈছে বহু পৰিয়াল। ৰজাঘৰীয়াৰ ওচৰত কৰা আৰ্জি নিস্ফল হোৱাৰ অভিযোগ। মিচিং স্বায়ত্বশাসিত পৰিষদৰ একাংশ বৰমূৰীয়াৰ বিৰুদ্ধেও ৰাইজৰ বিষোদগাৰ।

অঞ্চলবাসী ৰাইজে ৰজাঘৰীয়াক বাৰম্বাৰ কাকুতি- মনতি কৰিও নাপালে স্থায়ী সমাধান। যাৰ পৰিণতিত বৰলুইতৰ কাষত নাম প্ৰসংগ পাতি শৰণাপন্ন হৈছে এইসকল দুৰ্ভগীয়া লোক।

মিচিং অধ্যুষিত অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ আজিলৈ ওৰ নপৰিল। ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ একাংশ বিষয়ববীয়াৰ লগতে, মিচিং অ’ট’নমাছ কাউঞ্চিলৰ একাংশ বৰমুৰীয়াই লুণ্ঠণ চলোৱাৰ অভিযোগ ৰাইজৰ। ক’লে বাৰম্বাৰ অনুনয়-বিনয়ৰ পাছতো আমি উপেক্ষিত।

আন এগৰাকী যুৱতীয়ে ক’লে। নিজৰেই লাজ লাগে, কিন্তু উপায় নাই। শেষ ভৰষা আমাৰ নেদেখাজনেই। তেওঁহে আমাৰ গাওবাসীক বচাই ৰাখিছে।

এতিয়া প্ৰশ্ন হয়, কেতিয়া সমাধান হব টীয়ক সমষ্টিৰ এইসকল দুৰ্ভগীয়া জনতাৰ দীৰ্ঘদিনীয়া সমস্যাৰ। নে নেদেখাজনকেই ভৰষা কৰি থাকিব লাগিব এইসকল লোকে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...