নেদেখাজনৰ শৰণাপন্ন এখন গাঁৱৰ ৰাইজ

ভগৱানতে শেষ ভৰষা। নেদেখাজনৰ শৰণাপন্ন এখন গাঁৱৰ ৰাইজ। বৰলুইতৰ পাৰত কৰিলে নাম কীৰ্তন। টীয়কৰ শগুণপৰাত খহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। লুইতৰ বুকুত ঘৰ-বাৰী সঁপি দি ঠিকনাবিহীন হৈছে বহু পৰিয়াল। ৰজাঘৰীয়াৰ ওচৰত কৰা আৰ্জি নিস্ফল হোৱাৰ অভিযোগ। মিচিং স্বায়ত্বশাসিত পৰিষদৰ একাংশ বৰমূৰীয়াৰ বিৰুদ্ধেও ৰাইজৰ বিষোদগাৰ।

অঞ্চলবাসী ৰাইজে ৰজাঘৰীয়াক বাৰম্বাৰ কাকুতি- মনতি কৰিও নাপালে স্থায়ী সমাধান। যাৰ পৰিণতিত বৰলুইতৰ কাষত নাম প্ৰসংগ পাতি শৰণাপন্ন হৈছে এইসকল দুৰ্ভগীয়া লোক।

মিচিং অধ্যুষিত অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ আজিলৈ ওৰ নপৰিল। ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ একাংশ বিষয়ববীয়াৰ লগতে, মিচিং অ’ট’নমাছ কাউঞ্চিলৰ একাংশ বৰমুৰীয়াই লুণ্ঠণ চলোৱাৰ অভিযোগ ৰাইজৰ। ক’লে বাৰম্বাৰ অনুনয়-বিনয়ৰ পাছতো আমি উপেক্ষিত।

আন এগৰাকী যুৱতীয়ে ক’লে। নিজৰেই লাজ লাগে, কিন্তু উপায় নাই। শেষ ভৰষা আমাৰ নেদেখাজনেই। তেওঁহে আমাৰ গাওবাসীক বচাই ৰাখিছে।

এতিয়া প্ৰশ্ন হয়, কেতিয়া সমাধান হব টীয়ক সমষ্টিৰ এইসকল দুৰ্ভগীয়া জনতাৰ দীৰ্ঘদিনীয়া সমস্যাৰ। নে নেদেখাজনকেই ভৰষা কৰি থাকিব লাগিব এইসকল লোকে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...