ইলন মাস্কে নিকিনে টুইটাৰ!

বিলিয়নাৰ ইলন মাস্কে টুইটাৰ ক্ৰয়ৰ বাবে কৰা ৪.৪ বিলিয়ন টকাৰ চুক্তি বাতিল কৰিছে। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে অভিযোগ কৰিছে যে টুইটাৰে তেওঁক ভুৱা টুইটাৰ একাউণ্টৰ বিষয়ে কোনো তথ্য দিব নোৱাৰিলে। গতিকে তেওঁ টুইটাৰ ক্ৰয় কৰাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।

২৫ এপ্ৰিলত টুইটাৰৰ মালিক হৈছিল মাস্ক। তেওঁ কোম্পানীটো প্ৰায় ৪.৪ বিলিয়ন টকাত ক্ৰয় কৰিছিল। টুইটাৰ ক্ৰয় কৰিবলৈ তেওঁ বেংকৰ পৰাও বৃহৎ পৰিমাণৰ ঋণ লৈছিল। আনকি তেওঁ ঋণদাতাসকলক কয় যে কোম্পানীটোৰ একাংশ শীৰ্ষ কৰ্মচাৰীৰ দৰমহা হ্ৰাস কৰি খৰচ হ্ৰাস কৰিব আৰু কিছু কৰ্মচাৰী কৰ্তন কৰিব। কিছুদিন পূৰ্বে মাস্কে টুইট কৰিছিল যে টেছলাত খালী পদ আছে। মাস্কৰ অধিবক্তাই কয় যে তেওঁলোকৰ প্লেটফৰ্মত ভুৱা বা স্পেম একাউণ্টৰ তথ্যৰ বাবে একাধিক অনুৰোধৰ প্ৰতি টুইটাৰে কোনো সঁহাৰি নিদিলে। গতিকে তেওঁলোকে এই সিদ্ধান্তৰ পৰা আঁতৰি গৈছে।

মাস্কৰ এই সিদ্ধান্তত স্বাভাৱিকতে ক্ষুব্ধ টুইটাৰ। কোম্পানীটোৰ অধ্যক্ষ ব্ৰেট টেইল’ই কয় যে তেওঁলোকে আইনী ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে। অৰ্থাৎ আমেৰিকাৰ কোটিপতিগৰাকী আৰু ১৮ বছৰীয়া ছান ফ্ৰান্সিস্কোৰ প্ৰতিষ্ঠানটোৰ মাজত দীৰ্ঘদিনীয়া আইনী যুঁজ এখন যে চলিব সেয়া প্ৰায় নিশ্চিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সৰুপথাৰত অঘটন, চানা খাই অসুস্থ ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী

সৰুপথাৰৰ উৰিয়ামঘাটত খাদ্যত বিষক্ৰিয়া। চানা খাই ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী...

মহানগৰীত পুনৰ ছুৰিকাঘাতৰ ঘটনা

মহানগৰীত পুনৰ ছুৰিকাঘাতৰ ঘটনাবৰদেউতাকক আক্ৰমণ ভতিজাকৰবৰা চাৰ্ভিচত সংঘটিত হৈছে...

মহাকুম্ভ মেলালৈ গৈ নিৰুদ্দেশ তিনিচুকীয়াৰ কেইবাগৰাকীও মহিলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ...

চিনেমাৰ কায়দাৰে পলাশবাৰীৰ বৰটাৰীত অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড

দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত চলি থকা চোৰৰ সন্ত্ৰাসৰ মাজতে...