৩১ জানুৱাৰীলৈকে নিৰ্বাচনী জনসভাৰ ওপৰত নিষেধাজ্ঞা

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৩১ মাৰ্চলৈ নিৰ্বাচন আয়োগে বৃদ্ধি কৰিছে নিষেধাজ্ঞা। অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰোড শ্ব’ আৰু ৰেলীৰ ওপৰত নিষেধাজ্ঞাৰ সময় বৃদ্ধি কৰিছে। ইয়াৰ মাজতে ১০ আৰু ১৪ ফেব্ৰুৱাৰীত হ’বলগীয়া প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ ক্ষেত্ৰত কিছু শিথিলতাৰ কথা প্ৰকাশ কৰিছে। ঘৰে ঘৰে প্ৰচাৰৰ বাবে আৰু ক’ভিড নীতি অনুসৰি কিছুমান মুকলি স্থানত প্ৰচাৰৰ বাবে নিৰাপত্তা কৰ্মী আৰু ভিডিঅ’ ভেনক বাদ দি পাঁচজন লোকৰ সীমা ১০লৈ বৃদ্ধি কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ২৭ জানুৱাৰীত চূড়ান্ত কৰা হ’ব। সেয়ে নিৰ্বাচন আয়োগে নিৰ্ধাৰিত মুকলি ঠাইত ৫০০ জনলৈকে বা খেলপথাৰৰ ক্ষমতাৰ ৫০ শতাংশ বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত ২৮ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে সভাৰ অনুমতি প্ৰদান কৰিছে।

দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ৩১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত কৰা হ’ব। সেয়েহে আয়োগে ১২ ফেব্ৰুৱাৰীলৈকে শিথিলতাৰ অনুমতি দিছে। উল্লেখ্য যে, নিৰ্বাচন আয়োগে প্ৰথমে ১৫ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব’ নিষিদ্ধ কৰিছিল। পিছত পুনৰ ২২ জানুৱাৰীলৈ এই নিয়ন্ত্ৰণ বৃদ্ধি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...