নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ ওভতাৰ বিপৰীতে গ’লগৈ অজান দেশলৈ

কথা আছিল কৰ্তব্য সমাপন কৰি ঘৰলৈ ওভতাৰ
কথা আছিল নিৰ্বাচনৰ দায়িত্বৰ পিছত জিৰণি লোৱাৰ
কথা আছিল অসুস্থ হৈ থকা শৰীৰটোৰ চিকিৎসা কৰাৰ
কিন্তু সেইয়া হৈ নুঠিল

নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ ওভতাৰ বিপৰীতে গ’লগৈ অজান দেশলৈ। শনিবাৰে কাহিলিপুৱাতে লখিমপুৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় নিৰ্বাচনী বিষয়া ৰাজীৱ লেখাৰুৰ। নিহত ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ দায়িত্ব সম্পন্ন কৰি ঘৰলৈ উভতিল নিৰ্বাচনী বিষয়াসকল। একেদৰে লখিমপুৰত নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ ওভতিছিল বদতি জামুগুৰিৰ ৰাজীৱ লেখাৰু। কিন্তু বাটত যেন অপেক্ষা কৰি আছিল মৃত্যদূত। লখিমপুৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত কাহিলিপুৱাতে প্ৰচণ্ড শব্দ কৰি সংঘটিত হয় এক দুৰ্ঘটনা। আলট্ৰা বাছ আৰু হোণ্ডা চিটিৰ মাজত হয় মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় হোণ্ডা চিটিত অহা ৰাজীৱ লেখাৰু।সকলো সেই সময়ত শোৱাপাটীতেই আছিল। শব্দ শুনি স্থানীয় ৰাইজ ওলাই আহি দেখে সেই ভয়াবহ দৃশ্য। AS 07 J 3766 নম্বৰৰ হোণ্ডা চিটি গাড়ীখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দুৰ্ঘটনাত। AS 25FC-3870 নম্বৰৰ আলট্ৰা বাছখনৰো ক্ষতি হয় কিছু পৰিমাণে। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ শোকত ভাগি পৰে ৰাজীৱ লেখাৰুৰ পত্নী। পত্নীয়ে কান্দি কান্দি বাৰে বাৰে এটাই কথা ক’লে তেওঁ অসুস্থ হৈ আছিল।

ইপিনে প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিলে সেই শিহৰণকাৰী ঘটনা। আলট্ৰা বাছখনৰ চালকজনে পলায়ন কৰা বুলি জনাই প্ৰত্যক্ষদৰ্শীয়ে। পত্নী আৰু এটি কনমানি সন্তানক ইহসংসাৰত এৰি থৈ যায় ৰাজীৱ লেখাৰুয়ে।
ইপিনে নিশা গোলাঘাটৰ তেতেলীতলৰ সন্মুখত EVM কঢ়িওৱা বাহন দু্ৰ্ঘটনাগ্ৰস্ত। ব্ৰ‌ইলাৰ কঢ়িওৱা বাহনৰ সৈতে হয় সংঘৰ্ষ। দেৰগাঁৱৰ গেলাবিল অভয়াসন প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ পৰা EVM কঢ়িয়াই লৈ গৈ আছিল AS 03 AC 8991 নম্বৰৰ Maximo বাহনখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ EVM টো ফৰকাটিংস্থিত ষ্ট্ৰং ৰুমলৈ লৈ যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...