প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত ক্লীন শ্বুইপ কৰিব বিজেপিয়ে, দাবী মুখ্যমন্ত্ৰীৰ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত ক্লীন শ্বুইপ কৰিব বিজেপিয়ে
পাঁচোটা সমষ্টিতে বিজেপিৰ জয় ১০০ শতাংশ নিশ্চিত
বৰাকত নিৰ্বাচনী প্ৰচাৰত এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী। বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কৃপানাথ মাল্লাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলায় মাৰাথন প্ৰচাৰ। একেদিনাই ৪খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। ধলাই, বৰছলা, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ সভাত দেখা গ’ল বৰাকবাসীৰ ব্যাপক উছাহ। শিলচৰৰ ধলাই পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীৰ ঘোষণা শুকুৰবাৰে প্ৰথম পৰ্যায়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিতে বিজয় নিশ্চিত বিজেপিৰ।

কিন্তু ২য় পৰ্যায়ত বিজেপিৰ বাবে সহজ নহ’ব নগাঁও আৰু কৰিমগঞ্জ। নগাঁও আৰু কৰিমগঞ্জত তীব্ৰ যুঁজ হ’লেও শিলচৰ, ডিফু আৰু দৰঙত জয় নিশ্চিত বুলি দাবী মুখ্যমন্ত্ৰীৰ।

ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে দিলে উন্নয়নৰ খতিয়ান। সমান্তৰালকৈ নাচি-বাগি প্ৰচাৰ চলায় অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ একাউণ্টত ধন দিয়ালৈ ভোটাৰ ৰাইজক দিলে মেতমৰা প্ৰতিশ্ৰুতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...