৪৫ দিনৰ ভিতৰতে প্ৰকাশ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল

ছেবাৰ ইতিহাসত নতুন অভিলেখ
৪৫ দিনৰ ভিতৰতে প্ৰকাশ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল
৭৫.৭% উত্তীৰ্ণৰ হাৰেৰে আশাব্যঞ্জক এইবাৰৰ ফলাফল

ছেবাৰ অধিনত অন্তিমবাৰলৈ অনুষ্ঠিত হোৱা ২০২৪বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হঠাৎ‍ শনিবাৰে কৰিলে ঘোষণা। কিন্তু পূৰ্বৰ দৰে এইবাৰৰ ফলাফলত নাথাকিল স্থানপ্ৰাপকৰ পদ্ধতি। তাৰ পৰিৱৰ্তে কেবল ঘোষণা কৰা হ’ল প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ নাম। কিন্তু এইবাৰো চৰকাৰীখণ্ডৰ পৰিৱৰ্তে দেখা গ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা। শীৰ্ষ নম্বৰ লাভ কৰা প্ৰথম ৩ স্থানত নাথাকিল এজনো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী। উল্লেখযোগ্য যে এইবাৰ সম্পুৰ্ণ নতুন পদ্ধতিৰে OMR শ্বীটত অনুষ্ঠিত হৈছিল পৰীক্ষা। তথাপি আশানুৰূপ ফলাফল হোৱা বুলি মন্তব্য ছেৱাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ। OMR শ্বীটৰ ব্যৱহাৰৰ বাবেই ফলাফল ঘোষণা খৰটকীয়া হ’ল বুলিও মন্তব্য পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ।

উল্লেখয্যোগ্য যে এইবাৰ ৪ লাখ ১৯ হাজাৰ ০৭৮ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে

৬,৩৯২গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে ডিষ্টিংশ্যন
২০,৫৫২গৰাকী শিক্ষাৰ্থীৰ ষ্টাৰ নম্বৰ লাভ
প্রথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ শিক্ষাৰ্থী
লক্ষণীয়ভাৱে এইবাৰ হ্ৰাস পালে ৩য় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা
এইবাৰ ৩য় বিভাগত উত্তীৰ্ণ হৈছে ৬০,৬৮০ শিক্ষাৰ্থী
তাৰ পৰিৱৰ্তে ১,৯৩,১৫৯ শিক্ষাৰ্থীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক

কিন্তু অতি পৰিতাপৰ কথা যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰচলনৰ বাবে উঠি পৰি লাগিছে তেনে সময়তে আজি ঘোষণা হোৱা ফলাফলত আটাইতকৈ বেয়া ফলাফল হৈছে মাতৃভাষাৰ বিষয়ত। এই কথা অকপটে স্বীকাৰ কৰিছে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে।

ইফালে এইবাৰ পৰীক্ষাৰ সময়তে অংকৰ প্ৰশ্নকাকত টান অহাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। কিন্তু সেই সন্দৰ্ভত পৰীক্ষা নিয়ন্ত্ৰকজনৰ মন্তব্য ৮জন পৰীক্ষাৰ্থীয়ে অংকত লাভ কৰিছে ১০০ নম্বৰ। অহা বছৰো অনুৰূপ হ’ব অংকৰ প্ৰশ্ন কাকত। এতিয়াৰে পৰা অংক পঢ়িলে নহ’ব কৰিবলৈ শিকিব লাগিব।

ইফালে জিলা ভিত্তিক ফলাফলত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিলে চিৰাঙে। ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে চিৰাং জিলা। ৮৮.১ শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত নলবাৰী জিলা। তৃতীয় স্থানত ৮৬.৯ শতাংশ উত্তীৰ্ণৰে বাক্সা জিলা। ইফালে ৬০.৯ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন স্থানত ওদালগুৰি জিলা। ইফালে এইবাৰৰ ফলাফল আশাব্যঞ্জক বুলি মন্তব্য কৰি শীক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা অহাবাৰ আৰু ১০ দিন সোনকালে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল। এইবাৰ ৪৫ দিনৰ বিপৰীতে অহাবাৰ ৩৫দিনৰ ভিতৰত ঘোষণা হ’ব ফলাফল।

লগতে শিক্ষামন্ত্ৰীৰ দাবী নতুন পৰীক্ষাৰ পদ্ধতি আৰু কম দিনতে ফলাফল ঘোষণাই অসমৰ শিক্ষাৰ্থী সকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...