বাংলাদেশত ঈদৰ উলাহ, কঠোৰ নিৰাপত্তাৰ মাজত নামাজ

✍️ অচিন্ত্য শৰ্মা

বিশ্বৰ অন্য বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া বাংলাদেশতো মঙলবাৰে উদযাপিত হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ। এই উপলক্ষে মুছলমান সংখ্যাগৰিষ্ঠ এই ইছলামিক ৰাষ্টখনৰ ঈদগাহ ময়দান আৰু মছজিদসমূহত পুৱাৰপৰাই সমবেত হয় লাখ লাখ লোক। সমবেত লোকসকলে ঈদৰ নামাজ পঢ়াৰ লগতে বিশ্বশান্তিৰ বাবেও সৰ্বশক্তিমানৰ ওচৰত দোৱা কৰে এইবোৰৰ ভিতৰত একক বৃহত্তম নামাজ অনুষ্ঠিত হয় জাতীয় ঈদগাহ ময়দানত। সকলো ভেদাভেদ পাহৰি মঙলবাৰে উক্ত ময়দানত প্ৰায় ৩৫হাজাৰ লোক সনবেত হয়। তেওঁলোকে বিশ্বশান্তিৰ লগতে জাতীয় শান্তি আৰু সকলো ৰাষ্ট্ৰবিৰোধী শক্তিৰ পতন কামনা কৰি প্ৰাৰ্থনা জনায়। তদুপৰি সংশ্লিষ্ট সকলোকে আহ্বান জনায় বাংলাদেশত সাম্প্ৰদায়িক সম্পীতি ৰক্ষাৰ বাবে।
লক্ষণীয়ভাৱে ক’ভিদ মহামাৰীৰ বাবে দেশখনত যোৱা ২বছৰ এনেদৰে ঈদৰ নামাজ অনুষ্ঠিত হোৱা নাছিল। চৌপাশে আছিল এক হেঁচা মাৰি ধৰা আতংকময় পৰিবেশ। সেয়ে এইবাৰ ক’ভিড পৰিস্থিতি বহুখিনি নিয়ন্ত্ৰণলৈ অহাত মুকলি মনেৰে মানুহ ওলাই আহিছে ঈদৰ নামাজত অংশগ্ৰহণৰ বাবে। অকল প্ৰাপ্তবয়স্ক লোকসকলেই নহয়, ওলাই আহিছে শিশুও। শিশুসকলেও ডাঙৰসকলৰ লগতে অংশগ্ৰহণ কৰিছে ঈদৰ নামাজত। ঈদ উপলক্ষে মঙলবাৰে দেশখনত হাছিনা চৰকাৰেও লয় বিশেষ ব্যৱস্থা। দিনটোৰ ভিতৰত বাংলাদেশৰ সকলো চৰকাৰী হাস্পাতাল, কাৰাগাৰ, চৰকাৰী শিশুসদন, জেষ্ঠ নাগৰিক আবাস বা বৃদ্ধাশ্ৰম, মহিলা নিবাস, সামাজিক প্ৰতিবন্ধী কেন্দ্ৰ, আশ্ৰয়কেন্দ্ৰ, চেফ হোমচ, নিচা আসক্তি নিৰাময় কেন্দ্ৰ আদিত অন্য দিনতকৈ উন্নত মানৰ খাদ্য যোগান ধৰা হয়।

ইফালে মঙলবাৰে ঢাকা চহৰত পৰিলক্ষিত হয় অন্য এক পৰিবেশ। চহৰখনৰ জনাকীৰ্ণ বাটপথতসমূহ ঈদৰ দিনটোত হৈ পৰে প্ৰায় জনশূন্য। চহৰবাসী বেছিভাগ লোকে ঈদৰ দিনটোত হৈ পৰে প্ৰায় জনশূন্য। চহৰবাসী বেছিভাগ লোকে ঈদ উপলক্ষে গাঁৱৰ মূল ঘৰখনলৈ গুচি যোৱাৰ পৰিপেক্ষিততে সৃষ্টি হয় এনে পৰিবেশৰ। অদৃশ্য হৈ পৰে চিৰপৰিচিত ট্ৰেফিক জাম। যেন এদিনৰ বাবে বিশ্ৰাম পায় চহৰখনৰ যানবাহন নিয়ন্ত্ৰণ বিভাগৰ আৰক্ষীয়েও।
অৱশ্যে এই আনন্দৰ মাজতে দিনটোত থাকে কিছু উদ্বিগ্নতাও। বিগত দিনবোৰত বাংলাদেশত উত্থান ঘটিছে একাধিক সন্ত্ৰাসবাদী অপশক্তিৰ। সন্ত্ৰাসবাদৰ কঢ়াল ছাঁৰপৰা মুক্ত নহয় আনকি ঈদৰ নামাজো। সেয়ে ঈদ উপলক্ষে দেশখনত কঠোৰ কৰি তোলা হয় নিৰাপত্তা ৱ্যবস্থা। কাৰ্যত: বহু ঠাইত নিৰাপত্তা আবেষ্টনীৰ মাজতহে নামাজ অনুষ্ঠিত হয়। অৱশ্যে সকলোকে স্বস্তি প্ৰদান কৰি, কতো একো অপ্ৰীতিকৰ পৰিস্থিৰ সৃষ্টি নোহোৱাকৈ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱেই বাংলাদেশত পাৰ হয় ঈদৰ দিনটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...