BCCI-এ নিষিদ্ধ ঘোষণা কৰিলে ক্ৰীড়া সাংবাদিক বোৰিয়া মজুমদাৰক

BCCIএ ক্ৰীড়া সাংবাদিক বোৰিয়া মজুমদাাৰক দুবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিলে। ভাৰতীয় উইকেটকিপাৰ-বেটাৰ ঋদ্ধিমান সাহাক ভাবুকি আৰু ভয়ৰ বাৰ্তাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সাংবাদিকজনক দুবছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে। বিচিচিআইয়ে মুখ্য কাৰ্যবাহী বিষয়া হেমাং আমিনৰ দ্ধাৰা এখন আভ্যন্তৰীণ পত্ৰৰ দ্ধাৰা সকলো ৰাজ্যিক গোটক নিষেদ্ধাজ্ঞাৰ বিষয়ে অৱগত কৰিছে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তিনিজনীয়া সমিতি গঠন কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল। য’ত উপস্থিত আছিল সভাপতি ৰাজীব শুক্লা, কোষাধ্যক্ষ অৰুণ ধুমলা আৰু পৰিষদৰ প্ৰভতেজ সিং ভাটিয়া। ক্ৰীয়া সাংবাদিক বোৰিয়া মজুমদাৰে ঋদ্ধিমান সাহাক সাক্ষাৎকাৰ দিবলৈ সন্মত নোহোৱাৰ বাবে তেওঁ ক্ৰিকোটাৰজনক ভয় আৰু ভাবুকি দিছিল যাৰ বাবে সাংবাদিকজনক নিষিদ্ধ ঘোষণা কৰিলৈ বাধ্য হ’ল বিচিচিআই।

অবশ্যে তেওঁ নিষিদ্ধ কৰাৰ সময়ত বিচিচিআইয়ে দুয়োজনৰ পৰা নিজৰ নিজৰ মতামত লৈছিল। আৰু তিনিজনীয়া সমিতিক সম্পূৰ্ণ বিচিচিআইৰ আন শীৰ্ষ বিষয়াসকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...