অসমত কণী এতিয়া মহঙা হ’ল

গৰম কেৰাহীত ফুলি উঠা এটা অমলেট! অথবা লোভনীয় ছানি চাইড আপ। গৰম ভাতৰ সৈতে এখন আঞ্জা, কণীৰ আঞ্জা। এইবোৰ ভাল লাগে। খাবলৈকো, ভাবিবলৈকো। পিছে অসমত কণী এতিয়া মহঙা হ’ল। হাঁহজনীহে তেজ মঙহৰ, কণী কিন্তু সোণৰ হেন হ’ল! প্ৰতিপ্লেট কণীত বাঢ়িল ৩০ৰ পৰা ৫০ টকাকৈ। প্ৰতি কাৰ্টুনত বাঢ়িল ২১০টকাৰ পৰা আঢ়ৈশলৈ। মন্ত্ৰীয়ে ক’লে- অহা ৩ বছৰত সলনি হ’ব হেনো দৃশ্যপট। ‘অসমেহে অন্ধ্ৰলৈ পঠাব কণী!’

গেছো হৈ গল, দালিও হৈ গল, চেনীও হৈ গল, নিমখো হৈ গল, অৰুণোদয় পালোঁ, বৃদ্ধপেঞ্চনো পালোঁ, বিধৱাপেঞ্চনো। নিৰ্বাচনলৈকে মিঠাতেলো আহি যাব। পিছে তাৰ মাজেৰে সকলোকে একাষৰীয়া কৰি কণীৰ দামটোহে বাঢ়ি থাকিল। ৰাইজে এতিয়া ভাবিছে, মাছ-মাংসতো আগৰে পৰা দাম, শাক পাচলিৰো গাত জুই লাগি থাকে। এতিয়া কণীৰো যদি একেই হয়, অসুবিধা হব।

ল’ৰাটোক টিফিনত, মানুহজনক ব্ৰেকফাষ্টত, আলহী আহিলেও টোষ্টৰ সৈতে সাউতকৈ কণীটোকে ভাজি দিয়া গৃহিনীৰ বাবেও কণীৰ দামবৃদ্ধি বৰ শুভসংবাদ নহয়। তাৰ মাজতে অভয়াপুৰীত মন্ত্ৰী ৰঞ্জিত দাসে ক’লে, অহা ৩ বছৰত সলনি হ’ব হেনো দৃশ্যপট। ‘অসমেহে অন্ধ্ৰলৈ পঠাব কণী!’ ৰাজ্যখনে কণী উৎপাদনত স্বাৱলম্বী হ’ব লাগে। কনী উৎপাদনত স্বাৱলম্বী নোহোৱাৰ বাবে কণীৰ দাম বৃদ্ধি পাইছে।

এতিয়া অহা ৩ বছৰলৈকে ৰাইজে এই দামত কণী খাই থাকিবলগীয়াটোহে বৰ বিপজ্জনক হ’ব। এগলেছ খোৱাসকলৰ বাৰু কথা বেলেগ, পিছে ভাড়া ৰুমে ৰুমে থকা পঢ়া-শুনা বা চাকৰি কৰা লৰা ছোৱালীহঁতৰহে বৰ মস্কিল হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...