এইবাৰ অংগনবাড়ীৰ ছাত্ৰ-ছাত্ৰীয়ে খাবলৈ পাব কণীৰ বিৰিয়ানী!

কেৰালাৰ অংগনবাড়ীসমূহত এইবাৰৰ পৰা শিশুসকলৰ প্লেটত পৰিবেশন কৰা হ’ব ডিমৰ বিৰিয়ানি। এই ঘোষণা কৰিছে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা জৰ্জে। এজন সৰু শিশুৱে আবদাৰ কৰিছিল যে অংগনবাড়ীত বিৰিয়ানি আৰু চিকেন ফ্ৰাই কিয় দিয়া নহয়। সেই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত কেৰালা চৰকাৰে এই সিদ্ধান্ত লৈছে।

কেৰালাৰ মন্ত্ৰী বীণা জৰ্জে কয়, “শঙ্কু নামৰ এজন শিশুৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তেওঁ তেওঁৰ মাকক কৈছিল যে তেওঁ অংগনবাড়ীত দিয়া খাদ্য খাব নিবিচাৰে। তেওঁ প্লেটত বিৰিয়ানি আৰু চিকেন ফ্ৰাই বিচাৰে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এই শিশুজনৰ অংগনবাড়ীখনকে ধৰি বিভিন্ন কেন্দ্ৰত বিৰিয়ানি পৰিবেশন কৰা হৈছিল।” মন্ত্ৰীগৰাকীয়ে জনাইছে যে শিশুৰ এই আবদাৰ কাৰ্যকৰী কৰিব পৰা যায় নে নাযায়, তাৰ ওপৰত তেওঁলোকে চিন্তাভাৱনা আৰম্ভ কৰা হৈছিল। পূৰ্বে সপ্তাহত দুদিন অংগনবাড়ীৰ শিশুসকলক ডিম দিয়া হৈছিল। পিছত তাক তিনিদিন কৰা হৈছিল। এইবাৰ পিনাৰাই বিজয়ন চৰকাৰে ডিমৰ বিৰিয়ানি পৰিবেশনৰ সিদ্ধান্ত লৈছে বুলি বীণাই জনায়।

কেৰালাৰ মন্ত্ৰীগৰাকীয়ে জনাইছে যে এতিয়াৰ পৰা ৰাজ্যৰ অংগনবাড়ীসমূহত ডিমৰ বিৰিয়ানিৰ লগতে পুষ্টিকৰ লাড্ডু, দাইল, গাখীৰেৰে তৈয়াৰী পায়স, ৰাগীৰ স্নেক্স, ছয়াবিন ভজা, ডালিয়াৰ পোলাও পৰিবেশন কৰা হ’ব। বীণাই এইটোও জনাইছে যে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত অংগনবাড়ীৰ শিশুসকলৰ বাবে ‘আদৰ্শ খাদ্য তালিকা’ প্ৰস্তুত কৰা হৈছে।

বিগত ফেব্ৰুৱাৰীত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। সেই ভিডিঅ’ত শিশুজনক তেওঁৰ মাকক কোৱা শুনা গৈছিল যে, অংগনবাড়ীত পৰম্পৰাগত খাদ্যৰ সলনি বিৰিয়ানি আৰু চিকেন ফ্ৰাই দিয়া উচিত। তাৰ পিছতেই বীণাই আশ্বাস দিছিল যে মেনুত পৰিৱৰ্তন কৰিব পৰাৰ বিষয়ে তেওঁ বিবেচনা কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...