RCBৰ বিৰুদ্ধে গোচৰ ৰুজু!

বেংগালুৰুত পদপিষ্ট হৈ ১১ জনৰ মৃত্যুৰ ঘটনাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কৰ্ণাটক ক্ৰিকেট সংস্থা (কেএছচিএ)ৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। কৰ্ণাটক চৰকাৰে আদালতত জনাইছে যে এই ঘটনাৰ তদন্তৰ ভাৰ চিআইডিৰ হাতত দিয়া হৈছে। লগতে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, RCBৰ সামাজিক মাধ্যমৰ পেজত বুধবাৰে বিয়লি ৩:১৪ বজাত কৰা এটা পোষ্ট তদন্তকাৰীৰ নজৰত আছে। কৰ্ণাটক চৰকাৰে ইতিমধ্যে মেজিষ্ট্ৰেট পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে। বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই জনাইছিল যে ১৫ দিনৰ ভিতৰত এই তদন্ত সম্পূৰ্ণ কৰিব লাগিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই ঘটনাত বৃহস্পতিবাৰে স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰিছে। শুনানি হৈছে ভাৰপ্ৰাপ্ত মুখ্য বিচাৰপতি ভি কামেশ্বৰ ৰাও আৰু বিচাৰপতি চিএম যোশীৰ ডিভিছন বেঞ্চত।

বেংগালুৰুৰ কব্বন পাৰ্ক থানাৰ আৰক্ষীয়ে এই ঘটনাত স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰিছে। ডিচিপি চেণ্ট্ৰেলে জনাইছে যে গোচৰত RCB, কেএছচিএকে ধৰি একাধিক প্ৰতিষ্ঠানক অভিযুক্ত কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক অৱহেলাৰ অভিযোগ উত্থাপন কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত এই গোচৰ ৰুজু হৈছে।

১৭ বছৰৰ অপেক্ষাৰ পিছত ১৮সংখ্যক বছৰত IPL ট্ৰফী জিকিছে RCBয়ে। সমৰ্থকসকলে সূদীৰ্ঘ ১৭ বছৰ এই জয়ৰ বাবে অপেক্ষা কৰিছিল। মঙ্গলবাৰে IPL জয়ৰ পিছত বুধবাৰে কৰ্ণাটক চৰকাৰে বিজয়োৎসৱৰ ব্যৱস্থা কৰিছিল। তাত বিশৃঙ্খলাৰ সৃষ্টি হয়। চিন্নাছ্বামী ষ্টেডিয়ামৰ বাহিৰত ভিৰৰ চাপত পদপিষ্ট হৈ ১১ জনৰ মৃত্যু হৈছে। আহতৰ সংখ্যা ৪০ৰো অধিক। কৰ্ণাটক চৰকাৰে মৃতসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। মৃতসকলৰ বয়স ১৩ৰ পৰা ৩৩ বছৰৰ ভিতৰত।

বুধবাৰে বিয়লি ৩:১৪ বজাত RCBয়ে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল। তাত কোৱা হৈছিল যে বিয়লি ৫ বজাৰ পৰা বিজয় মিছিল আৰম্ভ হ’ব। তাৰ পিছত চিন্নাছ্বামী ষ্টেডিয়ামত বিজয়োৎসৱ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ বাবে বিনামূল্যে ‘পাছ’ প্ৰদানৰ ব্যৱস্থাও কৰা হৈছিল। RCBৰ পোষ্টত তাৰ লিংক দিয়া হৈছিল। অভিযোগ অনুসৰি, কৰ্ণাটক আৰক্ষীয়ে বুধবাৰৰ পৰিৱৰ্তে দেওবাৰে বিজয় মিছিলৰ আয়োজন কৰিবলৈ কৈছিল। কিন্তু RCBয়ে তাক নামানিলে। তেওঁলোকৰ সেই পোষ্টৰ পিছৰে পৰা চিন্নাছ্বামীৰ বাহিৰত ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছিল বুলি অভিযোগ। আৰক্ষীৰ সতৰ্কতা অগ্ৰাহ্য কৰি এই পোষ্ট কিয় কৰা হ’ল, কাৰ্যসূচীৰ কথা এনেদৰে কিয় ঘোষণা কৰা হ’ল, তাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। তদন্তকাৰীসকলে এই বিষয়সমূহ পৰীক্ষা কৰি চাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...