বিশিষ্ট শিক্ষাবিদ ড০ মহেশ ভূঞাৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ গভীৰ শোক

অসমৰ বিশিষ্ট শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ মহেশ ভূঞাৰ দেহাৱসান। কটন কলেজৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰো পঞ্জীয়ক আছিল।

শিক্ষাবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-
”বিশিষ্ট শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড° মহেশ ভূঞা ছাৰৰ বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰো পঞ্জীয়কৰ আসন শুৱনি কৰা ভূঞা ছাৰৰ পৰলোকপ্ৰাপ্তি অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰৰ বাবে বৃহৎ ক্ষতি। ভূঞা ছাৰৰ মেধা আৰু তীক্ষ্ণ স্মৃতিশক্তিয়ে আমাক অভিভূত কৰিছিল ৷ মহান ব্যক্তিসত্তা ভূঞা ছাৰৰ অভাৱ আমি সদায়ে উপলব্ধি কৰিম৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”


মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ বিভিন্ন ব্যক্তি-সংগঠন আৰু ছাত্ৰ সমাজে গভীৰ শোক প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...