ড্ৰাই ডে’ ঘোষণা, কিনা-বেচা কৰিব নোৱাৰিব সুৰা

পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি গঢ়ি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় বাবে তাৰ বাবে প্ৰশাসনে আগতীয়া পদক্ষেপ হাতত লৈছে। ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা এলেকাত ড্ৰাই ডে’ ঘোষণা কৰিছে। সেই অনুসৰি ৪ মাৰ্চৰ বিয়লি ৪ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪ বজালৈ আৰু লগতে ৯ মাৰ্চত ভোট গণনা শেষ নোহোৱাপৰ্যন্ত বঙাইগাঁও পৌৰসভা এলেকাৰ অন্তৰ্গত অনুজ্ঞা পত্ৰ থকা সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰিছে। অসম আবকাৰী আইনৰ নিৰ্দিষ্ট বিধি অনুসৰি এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা কোনো স্থানত সুৰাৰ মজুত ৰাখিলে বা বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে, যদি কোনো এলেকাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ’লে সেই সময়ছোৱাতো ড্ৰাই ডে’ বলৱৎ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাত্ৰ ৩ কিলোমিটাৰৰ ৰে’লযাত্ৰা! ৭ মিনিটতে পাবগৈ গন্তব্যস্থান, ভাৰতৰ আটাইতকৈ চুটি ৰে’লযাত্ৰা

ভাৰতীয় ৰে'লৱেৰ বিশাল নেটৱৰ্কত কোনো ৰে'লযাত্ৰা সম্পূৰ্ণ কৰিবলৈ কেইবাদিনো...

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটী জ’নত ২৫০ কোটি টকাৰ ঋণ অনুমোদন

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ঋণ প্ৰদানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য...

মাত্ৰ ২০ হাজাৰ টকাতে ১২ দিনত দক্ষিণ ভাৰতৰ ৯টা পৰ্যটনস্থলী ভ্ৰমণৰ সুবিধা IRCTCৰ

দক্ষিণ ভাৰতৰ ঐতিহাসিক মন্দিৰ, তীৰ্থস্থান আৰু মনোমোহা পৰ্যটনস্থলী ভ্ৰমণৰ...

সাৱধান! এতিয়া কেৱল বয়সস্থ লোকেই নহয়, ১০-১৯ বছৰীয়া কিশোৰ-কিশোৰীৰো হৈছে টাইপ-২ ডায়েবেটিছ

ভাৰতত কম বয়সতে টাইপ-২ ডায়েবেটিছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা...