কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

সমাগত লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিল তাৰিখে মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিললৈ ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ড্ৰাই দে’ ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰাৰ সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। লগতে সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপনী বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখনীয় যে কাষৰীয়া ৰাজ্য খনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আফগানিস্তানত পাকিস্তানৰ পুনৰ বিমান আক্ৰমণ; নিহত ৯গৰাকী সাধাৰণ জনতা, আহত ১১

আফগানিস্তানত পুনৰ বিমান আক্ৰমণ পাকিস্তানৰ। তালিবান চৰকাৰৰ দাবী অনুসৰি,...

আজি আন্তঃৰাষ্ট্ৰীয় কফি দিৱসঃ চাহৰ দেশত কফিৰ খেতি! অসমলৈ কেনেকৈ আহিল কফি, ক’ত হয় উৎপাদন?

আজি ১ অক্টোবৰত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কফি দিৱস।...

ধেমাজি ডাক বিভাগৰ অভিনৱ পদক্ষেপ; এতিয়াৰে পৰা ড্ৰোনেৰে কৰিব পাৰিব চিঠি-পত্ৰৰ আদান-প্ৰদান

ধেমাজিৰ আকাশত বৃহৎ আকাৰৰ ড্ৰোন প্ৰত্যক্ষ কৰি আচৰিত হৈ...