লামডিঙত জব্দ হ’ল ৫০ লক্ষাধিক টকাৰ ড্ৰাগ্ছ!

ৰে’লৰ জৰিয়তে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইয়াৰ সমান্তৰালকৈ চলিছে ড্ৰাগ্ছবিৰোধী অভিযান। ইয়াৰ মাজতে লামডিঙ ৰে’লৱে ষ্টেচনত পুনৰবাৰ উদ্ধাৰ হ’ল বিস্তৰ পৰিমাণৰ ব্ৰাউন ছুগাৰ।


ডিব্ৰুগড়ৰ পৰা গুৱাহাটী নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ পৰা ২৬৯ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় লামডিং জি আৰ পি।


সাধাৰণ শ্ৰেণীৰ ডবাত তালাচী চলাই ১৫টা চাবোনৰ কেছত উদ্ধাৰ কৰে ড্ৰাগ্ছখিনি। জব্দকৃত ড্ৰাগ্ছখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী দলে। অৱশ্যে ড্ৰাগ্ছ সৰবৰাহত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...