তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ পংকজ বৰালৈ ড০ জে এন বৰুৱা সোঁৱৰণী বিজ্ঞান বঁটা

তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ বৰাক ২০২৪ চনৰ সন্মানীয় ড০ জে এন বৰুৱা বিজ্ঞান বঁটাৰে সন্মানিত কৰা হৈছে । কৃতবিদ্য বিজ্ঞানী, আঞ্চলিক গৱেষণাগাৰ যোৰহাটৰ প্ৰাক্তন সঞ্চালক অধ্যাপক, সমাজসেৱী, তথা দৈনিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক ড০ যোগেন্দ্ৰ নাথ বৰুৱাৰ সোঁৱৰণত ড০ জে এন বৰুৱা ট্ৰাষ্ট, অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখা আৰু চি এছ আই আৰ- উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিস্থানে জীৱ বিজ্ঞান আৰু ৰসায়ণ বিজ্ঞান বিষয়ত উত্তৰ পূৱ ভাৰতৰ যিকোনো প্ৰতিস্থানত গৱেষণাৰত ৪৫ বছৰৰ অনুৰ্দ্ধ বিশেষ অৰিহনা যোগোৱা উদ্যমী যুৱ গৱেষকক এই বঁটাৰে সন্মানিত কৰি আহিছে৷

৩০ সংখ্যক ড০ জে এন বৰুৱা স্মাৰক বক্তৃতা প্ৰদানৰ বাবে বোকাখাটৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত ২ ছেপ্টেম্বৰত অনুস্থিত হোৱা এক আড়ম্বৰপুৰ্ণ অনুস্থানত ড০ পংকজ বৰাক এই বঁটা প্ৰদান কৰা হয় ৷ প্ৰখ্যাত ভূতত্ব বিজ্ঞানী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক যোগেন্দ্ৰ নাথ শৰ্মাই ব্ৰহ্মপুত্ৰৰ ইতিহাস, গতি-প্ৰকৃতি, বানপানী সমস্যা, গৰাখহনীয়া আৰু এইবোৰৰ সমাধানৰ ওপৰতৰ এক মনোগ্ৰাহী জে এন বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰে৷ এই অনুস্থানতে চন্দ্ৰ নাথ বেজবৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ হৰ্ষৰাজ বৰাক ড০ জে এন বৰুৱা ট্ৰাষ্টে প্ৰতি বছৰে প্ৰদান কৰি অহা মেধাৱী ছাত্ৰ জলপানি আগবঢ়োৱা হয়৷

ড০ পংকজ বৰাক জীৱ বিজ্ঞানত তেওঁৰ গৱেষণাৰ বাবে, বিশেষকৈ জিনোমিক্স আৰু বিগ ডাটা বিশ্লেষণৰ জড়িয়তে উত্তৰ-পূব ভাৰতৰ বহুল প্ৰাৰ্দুভাৱ থকা কৰ্কট ৰোগৰ অধ্যয়নৰ বাবে চলোৱা গৱেষণাৰ বাবে ২০২৪ চনৰ সন্মানীয় ড০ জে এন বৰুৱা বিজ্ঞান বঁটাৰ বাবে বাচনি কৰা হৈছে। ভাৰতৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান মাদ্ৰাজ বিশ্ববিদ্যালয়, বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিস্থান, টাটা মৌলিক গৱেষণা প্ৰতিস্থান, পুনে বিশ্ববিদ্যালয়, হায়দৰাবাদস্থিত চি এছ আৰ আই কোষীয় আৰু আণৱিক জীৱবিজ্ঞান কেন্দ্ৰ আদিত শিক্ষা আৰু কৰ্ম অভিজ্ঞতা লাভ কৰাৰ পিচত ইউৰোপৰ বিভিন্ন দেশত ৮ বছৰ ধৰি গৱেষণাৰ অভিজ্ঞতাৰে পুষ্ট হৈ ২০১৭ চনত ড০ বৰাই তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু নিজৰ বৈজ্ঞানিক পৰীক্ষাগাৰ স্থাপন কৰিছিল। তেওঁৰ পৰীক্ষাগাৰত গৱেষক ছাত্ৰ সকলে আধুনিক জিনোমিক সঁজুলি, জৈৱ-তথ্য আৰু, কৃটিম বুদ্ধিমত্তা, যন্ত্ৰ শিক্ষণ ব্যৱহাৰ কৰি জলবায়ু পৰিৱৰ্তনে ধানৰ শস্যৰ ৰোগক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়েও অধ্যয়ন চলাই আছে। বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত ড০ পংকজ বৰাই উত্তৰ-পূব ভাৰতত পিত্তথলীৰ কৰ্কট ৰোগৰ ওপৰত কৰা গৱেষণাৰ বিষয়ে এক চমু কিন্তু আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰে। ডঃ পংকজ বৰাই ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনষ্ঠ জৈৱ প্ৰযুক্তি বিভাগে প্ৰদান কৰা সন্মানীয় ৰামালিংগস্বামী ৰি-এন্ট্ৰি ফেল’ছিপ লাভ কৰিছিল৷ তেখেত বৰ্তমান ভাৰতীয় যুৱ বিজ্ঞান একাডেমিৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰো সদস্য৷

৩০ সংখ্যক ড০ জে এন বৰুৱা স্মাৰক বক্তৃতা প্ৰদান অনুস্থানত চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ দত্ত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাবুলাল মোৰে, অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সভাপতি ড০ বিচিত্ৰ কুমাৰ বৰঠাকুৰ, উপ-সভাপতি ড০ অদিতি বেজবৰুৱা, সম্পাদক ৰমেন গগৈ, চি এছ আই আৰ- উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিস্থানৰ অৱসৰী জ্যেষ্ঠ বিজ্ঞানী ড০ ৰমেশ চন্দ্ৰ বৰুৱা, ডঃ পিনাকী সেনগুপ্ত,ডঃ তৰুণ চন্দ্ৰ বৰা , বৰ্তমানে কৰ্মৰত জ্যেষ্ঠ বিজ্ঞানী ড০ আৰ এল গোস্বামী জয়ন্ত জ্যোতি বৰা, ড০ লক্ষী শইকীয়া, ড০ হিমাংশু বৰা, আদিকে প্ৰমূখ্য কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ প্ৰয়াত ড০ জে এন বৰুৱাৰ পৰিয়ালৰ হৈ তেখেতৰ পুত্ৰ বিশিষ্ট চিকিৎসক ডাঃ মানস প্ৰতীম বৰুৱা আৰু বৰজীয়ৰীকে ধৰি বহুকেইজন আত্মীয় স্বজন উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...