দোষীক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ, মৃত্যুৰ ১৭ বছৰ পাছত ন্যায় পালে এজন লোকে

প্ৰসংগ: কাছাৰৰ কালাইনত আৰক্ষীৰ জিম্মাত অপৰাধীৰ মৃত্যু। অপৰাধী মতাহিৰ আলীৰ মৃত্যু সন্দৰ্ভত আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায়দান। প্ৰাক্তন SI নাৰায়ণ তামুলীক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ঘটনাৰ ১৭ বছৰ পাছত পিতৃ মৃত্যুৰ ন্যায় পাই কান্দি উঠিল পুত্ৰ । ৰায়দানৰ পাছতেই তামুলীক প্ৰেৰণ আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। এটা মাৰপিটৰ ঘটনাত মতাহিৰ আলী তাপাদাৰক গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন SIজনে। মতাহিৰ আলীৰ পৰা ইনচাৰ্জ তামুলীয়ে ১০ হাজাৰ টকা দাবি কৰাৰ অভিযোগ। দাবী কৰা ধন নিদিয়াৰ বাবে পিতৃক অত্যাচাৰ চলাই হত্যা কৰাৰ অভিযোগ পুত্ৰৰ। নাৰায়ণ তামুলী, কনিষ্টবল ৰমজান হুছেইন চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পুত্ৰই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...