ছাতি নেৰিব, বুধবাৰলৈকে হ’ব প্ৰবল বৰষুণ!

আজিৰে পৰা ৰাজ্যজুৰি হ’ব পাৰে মুষলধাৰ বৰষুণ। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ব’হাগ বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে কাল ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়াই বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই।

গুৱাহাটী মহানগৰীত আজিৰপৰা কেইবা দিনলৈকে সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।
কেৱল গুৱাহাটীতে নহয়, উজনি-নামনি ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি নিশাৰে পৰাই অহা বুধবাৰলৈকে মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। অহা বৃহস্পতিবাৰেহে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...