ঈশ্বৰে সৃষ্টি কৰা মানুহৰ ভিতৰত মই আটাইতকৈ সৎ

‘ঈশ্বৰে সৃষ্টি কৰা সকলো মানুহৰ ভিতৰত ডোনাল্ড ট্ৰাম্পে আটাইতকৈ সৎ মানুহ’ এই কথা দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নিজৰ বিৰুদ্ধে চলি থকা একাধিক কৰ ফাকিৰ কেলেংকাৰী আৰু ২০২০ চনৰ নিৰ্বাচনৰ ফলাফল উলটপালট কৰাৰ চেষ্টাৰ গোচৰত তদন্ত চলি থকাৰ মাজতে নিজকে নিৰ্দোষী সজাবলৈ গৈ ট্ৰাম্পে নৰ্থ কেৰলিনাৰ ছেলমাত এক সমাবেশত এই মন্তব্য কৰে। “তুমি পৃথিবীৰ আটাইতকৈ নিকা মানুহ” বুলি ট্ৰাম্পে নিজৰ এজন বন্ধুৰ উদ্ধৃতি দিয়ে আৰু জনায় যে বছৰৰ পিছত বছৰ লাখ লাখ নথি-পত্ৰৰ পৰীক্ষাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই। তেওঁৰ গাত কোনো চেকা নাই বুলি দাবী কৰি ট্ৰাম্পে কয় যে, মই ভাবোঁ, সম্ভৱতঃ ভগৱানে সৃষ্টি কৰা আটাইতকৈ সৎ মানুহজন মই।” উল্লেখ্য যে এগৰাকী চৰকাৰী অধিবক্তাই ট্ৰাম্পে নিজৰ ব্যৱসায়িক নথি-পত্ৰ তদন্তৰ বাবে জমা নিদিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰিব লাগে বুলি আদালতক আনুৰোধ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...