আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক জিম্মাত লোৱাৰ পিছৰে পৰা লেটিন আমেৰিকান দেশখনৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডো পুনৰবাৰ আলোচনাৰ বিষয় হৈ পৰিছে। এইগৰাকী ‘ট্ৰাম্প সমৰ্থক’ নেত্ৰীয়ে ২০২৫ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। বহুতে ভাবিছিল যে, মাদুৰো চৰকাৰৰ পিছত ভেনিজুৱেলাৰ ক্ষমতা তেওঁৰ হাতলৈ যাব। কিন্তু সেয়া নহ’ল। ট্ৰাম্পে কয় যে, মাচাডোৰ নিজৰ দেশত পৰ্যাপ্ত জনসমৰ্থন নাই। এইবাৰ মাচাডোৱে কয়, অক্টোবৰৰ পৰা ট্ৰাম্পৰ সৈতে কথা বতৰা হোৱা নাই। অৱশ্যে ভেনিজুৱেলাৰ বিৰোধী নেতাগৰাকীয়ে আকৌ এবাৰ উল্লেখ কৰিবলৈ নাপাহৰিলে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগিছিল।
ভেনিজুৱেলাত শেহতীয়াকৈ সংঘটিত হোৱা পৰিঘটনাৰ প্ৰেক্ষাপটত মাচাডোৱে প্ৰথমটো ৰাজহুৱা সাক্ষাৎকাৰ দিছে। সোমবাৰে ফক্স নিউজক দিয়া সাক্ষাৎকাৰত মাচাডোৱে কয়, “মই ১০ অক্টোবৰত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিছিলো, যিদিনা নোবেল বঁটা ঘোষণা কৰা হৈছিল। কিন্তু তেতিয়াৰ পৰা তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাই।” মাচাডোৱে এবছৰতকৈ অধিক সময় ভেনিজুৱেলাত লুকাই থকাৰ পিছত যোৱা মাহত শান্তি নোবেল বঁটা সংগ্ৰহ কৰিবলৈ নৰৱেলৈ গৈছিল। বৰ্তমান তেওঁ নৰৱেৰ অছলোত আছে। মাচাডোৱে ফক্স নিউজক জনাইছিল যে, তেওঁ অতি সোনকালে ঘৰলৈ উভতি যাব। ইয়াৰ উপৰিও ভেনিজুৱেলাৰ বিৰোধী নেত্ৰীগৰাকীয়ে আমেৰিকাৰ এই পদক্ষেপক “মানৱতা, স্বাধীনতা আৰু মানৱ মৰ্যাদাৰ বাবে এক বৃহৎ পদক্ষেপ” বুলি আদৰণি জনাইছে।
মাচাডোৱে কয়, “যেতিয়া মই গম পালোঁ যে, মোক শান্তি নোবেল বঁটা দিয়া হৈছে, তেতিয়া মই ইয়াক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে উৎসৰ্গা কৰিলোঁ। কাৰণ মই বিশ্বাস কৰোঁ যে, তেওঁ ইয়াৰ যোগ্য। বহুতে কয় যে, ৩ জানুৱাৰীত ট্ৰাম্পে যি কৰিলে (কাৰাকাছক আক্ৰমণ কৰি মাদুৰোক আটক কৰা) সেয়া কৰাটো অসম্ভৱ।” মাচাডোৱে কয় যে, তেওঁ এতিয়াও বিশ্বাস কৰে যে- ট্ৰাম্প শান্তিৰ নোবেল বঁটাৰ যোগ্য। মাচাডোৱে লগতে দাবী কৰে যে, ৩ জানুৱাৰী কেৱল ভেনিজুৱেলাৰ বাবেই নহয়, মানৱতাৰ বাবেও এক মাইলৰ খুঁটি হিচাপে ইতিহাসত লিখা হ’ব। তেওঁ ক’লে, “ন্যায়ে একনায়কত্ববাদক পৰাস্ত কৰিছে!”
বিগত সময়ত মাচাডোৱে ভেনিজুৱেলা সন্দৰ্ভত ট্ৰাম্পৰ সকলো কাৰ্যক সমৰ্থন কৰিছিল। ভেনিজুৱেলাত কমিউনিষ্ট শাসন ব্যৱস্থাৰ অন্ত পেলাবলৈ সামৰিক হস্তক্ষেপৰ আহ্বান জনাইছিল। বৰ্তমানৰ পৰিস্থিতিত মাডুৰোক বহিষ্কাৰ কৰাৰ পিছত তেওঁক ভেনিজুৱেলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল। অৱশ্যে, ট্ৰাম্পে সকলো জল্পনা-কল্পনা খাৰিজ কৰি কয় যে- আমেৰিকাই মাচাডোক ক্ষমতাত ৰখাৰ কথা চিন্তা কৰা নাই। কাৰণ মাচাডোৰ নিজৰ দেশত পৰ্যাপ্ত জনসমৰ্থন বা সন্মান নাই। ইয়াৰ পৰিৱৰ্তে সোমবাৰে ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
