আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ গ্রীনলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ বিচাৰে। ইফালে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ট্ৰুথ ছ’চিয়েলত এআই-জেনেৰেটেড ইমেজ শ্বেয়াৰ কৰিছে। গ্রীনলেণ্ডৰ স্থিতি আৰু আগুৱাই নিবলৈ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেখা গৈছে মাৰ্কো ৰুবিঅ’ আৰু জে.ডি. ভেন্সক।

ছবিখনত এখন ফলকো দেখা গৈছে, য’ত লিখা আছে: গ্ৰীণলেণ্ড (আমেৰিকাৰ ভূখণ্ড) প্ৰতিষ্ঠা: ২০২৬। ট্ৰাম্পে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে, এই ভূখণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ থাকিব লাগে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ পুনৰ কয় যে- নিৰাপত্তাজনিত কাৰণত আমেৰিকাক গ্ৰীণলেণ্ডৰ প্ৰয়োজন।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, “আমাৰ নিয়ন্ত্ৰণ থাকিব লাগিব। এইটো হ’বই। তেওঁলোকে ইয়াক সুৰক্ষা দিব নোৱাৰে। ডেনিছ জনসাধাৰণ অতি ধুনীয়া আৰু তেওঁলোকৰ নেতা ভাল, কিন্তু তেওঁলোকে তালৈ নাযায়।” ট্ৰাম্পে ডেনমাৰ্ককো প্ৰশ্ন কৰে যে গ্ৰীনলেণ্ডৰ ওপৰত ডেনমাৰ্কৰ মালিকীস্বত্বৰ অধিকাৰ কিয় আছে? কোনো লিখিত নথি-পত্ৰ নাই, মাথোঁ জনা যায় যে শ শ বছৰ আগতে তাত এখন নাও অৱতৰণ কৰিছিল, কিন্তু আমাৰ নাওবোৰো তাত অৱতৰণ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, আমেৰিকাই গ্ৰীণলেণ্ডৰ ওপৰত সম্পূৰ্ণ আৰু নিৰপেক্ষ নিয়ন্ত্ৰণ বিচাৰে। গ্ৰীণলেণ্ড অৰ্ধ স্বায়ত্তশাসিত ডেনিছ ভূখণ্ড। গ্ৰীনলেণ্ডক সংযুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব নেকি বুলি সোধাত তেওঁ কেৱল কয়, “ন’ কমেন্ট।”

গ্রীনলেণ্ডৰ নিয়ন্ত্ৰণত ট্ৰাম্পৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে ৮খন দেশে। ইয়াৰ পিছতে এতিয়া এই আঠখন দেশৰ ওপৰত শুল্কৰ চাবুক ব্যৱহাৰ কৰিছে ট্ৰাম্পে। এই আঠখন দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে ট্ৰাম্পে।

ট্ৰাম্পে ঘোষণা কৰে যে, ১ ফেব্ৰুৱাৰীৰ পৰা ব্ৰিটেইনৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সকলো সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব, যিটো ১ জুনৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। ৱাশ্বিংটন আৰু ডেনমাৰ্কে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ চুক্তি নকৰালৈকে এই কথা প্ৰযোজ্য হৈ থাকিব।

তেওঁ কয় যে, ডেনমাৰ্ক, নৰৱে, ছুইডেন, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড, ফিনলেণ্ডৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ’ব। লগতে কয় যে, ডেনমাৰ্কে বিনিময়ত কিবা এটা দিয়াৰ সময় আহি পৰিছে। চীন আৰু ৰাছিয়াই গ্ৰীণলেণ্ড বিচাৰে, আৰু ডেনমাৰ্কে ইয়াৰ বাবে একো কৰিব নোৱাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...