BRICSক মৃত সংস্থা আখ্যা দিলে ড’নাল্ড ট্রাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ব্রিকছক মৃত সংস্থা বুলি আখ্যা দিলে। ট্রাম্পে অভিযোগ কৰে যে ব্রিকছে ‘বেয়া উদ্দেশ্য’ লৈ কাম কৰে। ব্ৰিকছৰ বিপক্ষে সৰৱ ভূমিকা গ্রহণ কৰি ট্রাম্পে দাবী কৰে যে তেওঁ ব্রিকছ দেশসমূহক সকীয়নি দি কৈছে যে তেওঁলোকে ডলাৰৰ সৈতে খেলিব বিচাৰিলে এশ শতাংশ শুল্ক আৰোপ কৰা হ’ব। স্মৰ্তব্য যে ব্ৰিকছত ভাৰতৰ বাহিৰেও ব্রাজিল, চীন, ইজিপ্ত, ৰাছিয়া, ইণ্ডোনেছিয়া, ইৰান, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰব এমিৰেটছ জড়িত হৈ আছে। উক্ত দেশসমূহে ব্যৱসায়ত সুবিধা হোৱাকৈ এবিধ নতুন মুদ্রা ব্যৱস্থা সন্দর্ভত কাম কৰি আছে। এই ক্ষেত্ৰত ৰাছিয়া আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। শেহতীয়াকৈ ভাৰতেও কিছুমান দেশৰ সৈতে টকাৰ সহায়ত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে ডলাৰ ত্যাগ কৰি বিকল্প মুদ্ৰাৰে বিভিন্ন দেশে ব্যৱসায় আৰম্ভ কৰিলে আমেৰিকাৰ ডলাৰৰ মূল্য হ্রাস পাব বুলি চিন্তিত হৈয়েই ট্রাম্পে এনে ভূমিকা লোৱা বুলি অনুমান কৰা হৈছে। বিষয়টো সন্দর্ভত ব্যাখ্যা দাঙি ধৰি অৰ্থনৈতিক বিশেষজ্ঞই কয় যে উক্ত দেশসমূহে ডলাৰৰ বিকল্প বিচাৰি উলিয়াব পাৰিলে আমেৰিকান ডলাৰৰ ওপৰত তাৰ পোনপোটীয়া প্ৰভাৱ পৰিব। মন কৰিবলগীয়া যে এতিয়ালৈ উক্ত দেশসমূহে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে আমেৰিকান ডলাৰ ব্যৱহাৰ কৰে। পিছে ৰাছিয়াৰ বিপক্ষে আমেৰিকাৰ কঠোৰ নিষেধাজ্ঞাই ব্রিকছ দেশসমূহক বিষয়টো নকৈ ভাবিলৈ বাধ্য কৰাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...