সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ ৭ জন লোক নিহত। এটা টানেলত কৰ্মৰত শ্ৰমিক আছিল নিহত ৬ জন। গান্দাৰবাল জিলাৰ চোনামাৰ্গৰ গংগানগিৰ নামৰ ঠাইডোখৰত এই আক্ৰমণ। দেওবাৰে সন্ধিয়া সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। দুজনীয়া সন্ত্ৰাসবাদীৰ দলে এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ। উগ্ৰপন্থীয়ে শ্ৰমিকলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। সন্ধিয়া ঘটনাস্থলীত উপস্থিত হয় কাশ্মীৰৰ IGP বি কে বিৰ্ডি। ঘটনাক লৈ উদ্বিগ্ন নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। সংশ্লিষ্ট বিভাগক সষ্টম হোৱাৰ নিৰ্দেশ। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। এই ঘটনাক কাপুৰুষালি আখ্যা দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে সেনা আৰু আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...