নৰসিংহ পাতৰ উপকাৰিতাসমূহ জানেনে?

আপুনিও নিশ্চয় নৰসিংহ পাত খাদ্যত নৰসিংহ পাত ব্যৱহাৰ কৰে। নৰসিংহ পাত চাটনি কৰি খোৱাৰ লগতে যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই নৰসিংহ পাতৰো আছে বহু উপকাৰিতা। নৰসিংহ পাত স্বাস্থ্যৰ বাবে অতি লাভদায়ক। এই পাতত কেলচিয়াম, ফাইবাৰ, প্ৰ’টিন আৰু ভিটামিন থাকে। নৰসিংহ পাত চুলি আৰু ছালৰ বাবে ভাল।

নৰসিংহ পাতৰ উপকাৰিতা

১. নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে।
২. নৰসিংহৰ পাত পিহি চুলিত লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি।
৩. নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডাইৰিয়া, মধুমেহ আদি ৰোগত লাভদায়ক হয়।


৪. নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।
৫. নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা আভোক নোহোৱা হয়।
৬. নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়, দাঁতৰ গঠনত সহায় কৰে।


৭.বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।
৮. নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...