নৰসিংহ পাতৰ উপকাৰিতাসমূহ জানেনে?

আপুনিও নিশ্চয় নৰসিংহ পাত খাদ্যত নৰসিংহ পাত ব্যৱহাৰ কৰে। নৰসিংহ পাত চাটনি কৰি খোৱাৰ লগতে যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই নৰসিংহ পাতৰো আছে বহু উপকাৰিতা। নৰসিংহ পাত স্বাস্থ্যৰ বাবে অতি লাভদায়ক। এই পাতত কেলচিয়াম, ফাইবাৰ, প্ৰ’টিন আৰু ভিটামিন থাকে। নৰসিংহ পাত চুলি আৰু ছালৰ বাবে ভাল।

নৰসিংহ পাতৰ উপকাৰিতা

১. নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে।
২. নৰসিংহৰ পাত পিহি চুলিত লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি।
৩. নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডাইৰিয়া, মধুমেহ আদি ৰোগত লাভদায়ক হয়।


৪. নৰসিংহ পাত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰী।
৫. নৰসিংহ পাতৰ চাটনি বনাই তাৰ লগত এচামুচ তেঁতেলীৰ ৰস মিহলাই খালে বদহজম নাইবা আভোক নোহোৱা হয়।
৬. নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়, দাঁতৰ গঠনত সহায় কৰে।


৭.বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।
৮. নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...