শেৱালিৰ ঔষধি গুণসমূহৰ বিষয়ে জানেনে?

আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। শৰৎ অহাৰ বতৰা লৈ আকৌ ফুলি উঠিল শেৱালি ফুল। শৰতৰ আগমনত প্ৰস্ফুতিত হোৱা শেৱালি আৰু ইয়াৰ সুগন্ধই শৰতৰ সন্ধিয়াবোৰ অধিক মধুময় কৰি তোলে। এই শেৱালিয়েই কেতিয়াবা কবিৰ কলমে কবিতা হৈ নিগৰে। পুৱা তলসৰা শেৱালি বুটলাৰো আছে অনেক আমেজ। এই শেৱালিৰো আছে বহু ঔষধি গুণ। আহকচোন কি কিনো ঔষধি গুণ আছে এই শেৱালিৰ।

শেৱালিৰ ঔষধি গুণ

১. শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়।
২. শেৱালিয়ে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। যাৰ ফলত আমি জ্বৰ, চৰ্দিৰ দৰে ৰোগৰ পৰা হাত হাৰিব পৰা যায়।
৩. শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ কাহ ভাল হয়।
৪. শেৱালি ফুল ৰান্ধি খালে, ভোক আৰু খাদ্যৰ ৰুচি বঢ়োৱাত সহায় হয়।
৫. কৃমিৰ সমস্যা থাকিলে শেৱালি পাতৰ ৰস সেৱন কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

NKTV Digital
Author: NKTV Digital

379 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...