এক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দ

১১৫ বছৰ চাইকেলখন লৈ গাঁৱে-ভূঞে ভ্ৰমি ফুৰিছিল তেওঁ
এক মহৎ কাম সাধিবলৈ তেওঁ বিচাৰি ফুৰিছিল শব্দ
অসমৰ নিৰ্দিষ্ট অঞ্চলৰ কথোপকথনৰ শব্দ সংগ্ৰহ কৰিছিল তেওঁ
তেঁৱেই বজালীৰ শব্দকোষ প্ৰণেতা ধীৰেন্দ্ৰ তালুকদাৰ

তেওঁ হৈছে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰ তালুকদাৰ। একান্ত মনে সাহিত্য চৰ্চাত ব্ৰতী হৈ ১৫ বছৰ শ্ৰম কৰি বজালীৰ বাবে সৃষ্টি কৰিছিল এখন অমূল্য শব্দ গ্ৰন্থ। 500 পৃষ্ঠাৰ এই মহা মূল্যবান গ্ৰন্থখন হৈছে বজালীৰ শব্দকোষ। ১০ বছৰ পূৰ্বে প্ৰকাশ কৰা হৈছিল এই গ্ৰন্থখন।

বজালীৰ শব্দকোষ গ্ৰন্থখনৰ বাবে ২০২২ বৰ্ষত তেওঁ সাহিত্যিক পেঞ্চনো লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণতে মানুহে বিভিন্ন অভিজ্ঞতা অথবা ক্ষেত্ৰ বিচাৰি যাতায়াত কৰে। কিন্তু বৃহত্তৰ বজালীৰ থলুৱা কথিত শব্দবোৰ বিচাৰি সেইবোৰ লিখিত আকাৰে প্ৰকাশ কৰি অভিধান সদৃশ “বজালীৰ শব্দকোষ” সৃষ্টি কৰিবলৈ সক্ষম হৈছে ধীৰেন্দ্ৰ তালুকদাৰে। বজালীৰ বিভিন্ন উৎসৱ-পাৰ্বন, ওজাপালি, বিভিন্ন লোক-কৃষ্টি, আৰু গাঁৱে-ভূঞে প্ৰচলিত কথোপকথনসমূহত ব্যৱহাৰ হোৱা শব্দ বিচাৰি এনেদৰে সৃষ্টি কৰিছিল গ্ৰন্থখন। তথাপিও তেওঁ প্ৰচাৰ বিমুখ।

প্ৰচাৰ বিমুখ কৃতি শিক্ষকগৰাকীয়ে এনেদৰে এতিয়া মন খুলি প্ৰকাশ কৰিছে মনৰ কথা। বজালীৰ শব্দকোষৰ উপৰিও কেবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰিছে ধীৰেন্দ্ৰ তালুকদাৰে। এজন সুনাগৰিক হোৱাৰ দায়িত্ব পালন কৰি নিজৰ অঞ্চলৰ বাবে শব্দৰ সন্ধান কৰি এনে অভিধানস্বৰূপ শব্দকোষ প্ৰণয়ন কৰা ধীৰেন্দ্ৰ তালুকদাৰ নিশ্চিতভাবে শলাগৰ পাত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...