দেৱী মাৰ আশীৰ্বাদ লাভ কৰিবলৈ নৱৰাত্ৰিৰ দিনকেইটাত কৰক এইসমূহ কাম

আকৌ আৰম্ভ হ’ল শাৰদীয় নৱৰাত্ৰি। হিন্দু ধৰ্মৰ এই উৎসৱত দেৱী মাৰ উপাসনাৰ বিশেষ গুৰুত্ব আছে। নৱৰাত্ৰিৰ সময়ত সকলোৰে ঘৰত আনন্দ আৰু উৎসাহৰ এক পৰিৱেশ থাকে। নৱৰাত্ৰিৰ ৯দিন মা দুৰ্গাৰ ভক্তসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। সেয়েহে, দেৱী মাৰ উপাসনাত কিছুমান নিয়মৰ ওপৰত গুৰুত্ব দিয়া উচিত। শাস্ত্ৰত কোৱা হৈছে যে নৱৰাত্ৰিত মা দুৰ্গাৰ উপাসনা কৰোতে বিশেষ মনোযোগ দিয়া প্ৰয়োজন। যাৰ ফলত দেৱী মাৰ আশীৰ্বাদ লাভ কৰিব পাৰি। গতিকে জানো আহকচোন নৱৰাত্ৰিৰ সময়ত কি কৰিব লাগে যাৰ দ্বাৰা মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰি।

নৱৰাত্ৰিৰ সময়ত কৰক এইকেইটা কাম

১. দেৱী দুৰ্গাৰ প্ৰিয় ৰং ৰঙা। নৱৰাত্ৰিৰ দিনকেইটাত মাৰ পূজাত ৰঙা ৰঙৰ ফুল আগবঢ়াওক আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধক।

২. যিসকলে স্বাস্থ্যজনিত কাৰণত উপবাস ৰাখিব নোৱাৰে তেওঁলোকে নিৰামিষ খাদ্য আৰু ব্ৰহ্মচাৰ্যৰ নিয়ম পালন কৰি মা দুৰ্গাৰ উপাসনা কৰিব পাৰে। উপাসনাত উপবাস ৰখাৰ কোনো বাধ্যবাধকতা নাই।

৩. নৱৰাত্ৰিত, আপুনি দুৰ্গা চালিসা, দেৱী ভাগৱত বা দেৱী পুৰাণ পাঠ কৰা উচিত।

৪. নিয়মীয়াকৈ দেৱী মাৰ মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা আপুনি তেওঁৰ পৰা আশীৰ্বাদ লাভ কৰিব।

৫. যদি আপুনি নৱৰাত্ৰিৰ উপবাস কৰে, তেন্তে ৰাতিপুৱা আৰু সন্ধিয়া ঘৰত মাৰ পূজা কৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...