ক্ৰমশঃ সুস্থ হৈ উঠিছে অভিনেতা দিলীপ কুমাৰ

গুৱাহাটী, ৬ জুলাই, NKTV: শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে চিকিৎসাধীন হোৱা বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰৰ অৱস্থাৰ কিছু উন্নতি হৈছে। এই বিষয়ে জানিবলৈ দিছে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী তথা দিলীপ কুমাৰৰ পত্নী চায়েৰা বানুয়ে।

অভিনেতাজনক চিকিৎসাৰ বাবে মুম্বাইস্থিত হিন্দুজা হাস্পতালত যোৱা সপ্তাহত ভৰ্তি কৰোৱা হৈছিল।
তেওঁৰ আশুআৰোগ্য কামনা কৰি তেওঁৰ বন্ধু আৰু অনুৰাগীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। মঙলবাৰে সামাজিক মাধ্যম যোগে পত্নী চায়েৰা বানুয়ে দিলীপ কুমাৰৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে সবিশেষ জনালে। এসময়ৰ মেগা ষ্টাৰজনৰ স্বাস্থ্য ক্ৰমশঃ সুস্থ হৈ উঠিছে বুলি চায়েৰা বানুয়ে প্ৰকাশ কৰিছে। দিলীপ কুমাৰৰ টুইটাৰৰ পৰা অভিনেত্ৰী চায়েৰা বানুয়ে টুইট কৰি লিখিছেঃ ‘ভগৱানৰ অন্তহীন দয়াৰ বাবে আমি চিৰকৃতজ্ঞ। তেওঁৰ আশু আৰোগ্য কামনাৰে অনুৰাগীসকলে ভগৱানৰ ওচৰত যেন প্ৰাৰ্থনা কৰে যাতে দিলীপ কুমাৰে অতি সোনকালে হাস্পতালৰ পৰা মুক্তি লাভ কৰিব পাৰে।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...