সদৌ অসম ডায়েট বিষয়া সন্থাৰ দ্বি- বাৰ্ষিক অধিৱেশনত নতুন সমিতি গঠন

         

শিক্ষা বিভাগৰ শিক্ষক শিক্ষাৰ ক্ষেত্ৰখন নতুন গতিৰে উদ্ভাসিত কৰাৰ পণ গ্ৰহণেৰে সদৌ অসম ডায়েট বিষয়া সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন মিৰ্জাস্থিত ডায়েট কামৰূপত অনুষ্ঠিত হয়। ৬ এপ্ৰিলত আয়োজিত এই অনুষ্ঠানত নৱনিৰ্বাচিত সমিতিখনে শপত গ্ৰহণ কৰে।সন্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনখনিৰ সভাপতিত্ব কৰে পূৰ্বৰ সমিতিৰ কাৰ্যনিৰ্বাহক তথা জ্যেষ্ঠ প্ৰবক্তাদ্বয় দিপাংকৰ চক্ৰৱৰ্তী আৰু ভূৱনেশ্বৰ ইংতিয়ে। অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী তথা ডায়েট কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাৰ বন্তি প্ৰজ্জ্বলন তথা আদৰণি ভাষণ আৰু সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ড° ঋতু পৰ্ণ মহন্তৰ মংগলাচৰণমেৰে আৰম্ভ হোৱা কাৰ্যসূচীটোত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰে জ্যেষ্ঠ প্ৰৱক্তা ড° হিমালিনী বেজবৰুৱাই। অসমৰ সমূহ ডায়েটক শৈক্ষিক আৰু সাংগঠনিকভাবে এক উদ্যমী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে সন্থাৰ ভিজন ডকুমেণ্ট আৰু নিয়মাৱলীসমূহ বিস্তৃতভাবে আলোচনা কৰে সন্থাৰ নৱনিৰ্বাচিত সভাপতি ইন্দ্ৰজিৎ গামে। এইক্ষেত্ৰত প্ৰতিখন জিলাই প্ৰদান কৰা নতুন আৰু উদ্যমী চিন্তাৰ ধাৰণাসমূহৰ বাবে সমূহ জিলাক ধন্যবাদ জ্ঞাপন কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। ডায়েটৰ শৈক্ষিক উৎকৰ্ষ আৰু ন্যায্য দাবীসমূহ যেনে দৰমহা আয়োগৰ উপযুক্ত পুণৰীক্ষণ, ৰিডেজিগনেশ্যন আদি দিশবোৰ যুক্তিযুক্ততাৰে সমাধান কৰাই হ’ব নতুন সমিতিখনৰ প্ৰধান লক্ষ্য। এইক্ষেত্ৰত উপযুক্ত দিহা পৰামৰ্শ প্ৰদান কৰে জ্যেষ্ঠ প্ৰৱক্তা হিমাংশু সিংহ ৰয়, ৰাজু বৰুৱা,মন্দাকিনী ডেকা, অধ্যক্ষ ভূপেন কুমাৰ দাস, প্ৰৱক্তা ড° শিৰোমণি ভূঞা, গুণগোবিন্দ সোণোৱাল, প্ৰদীপ ডেকা আদিয়ে। সভাত অসমৰ ২৭ খন জিলাৰ ,ডায়েটৰ শতাধিক প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে এই অধিৱেশনত নৱনিৰ্বাচিত কাৰ্যকৰী সমিতিখনত উপদেষ্টা হিচাপে ড° পংকজা বৰুৱা, দিপাংকৰ চক্ৰৱৰ্তী,ভূৱনেশ্বৰ ইংতিক বাছনি কৰাৰ লগতে ৰাজ্যৰ সকলো ডায়েটৰ অধ্যক্ষসকলে দিহা পৰামৰ্শ প্ৰদান কৰিব। নতুন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় ক্ৰমে ইন্দ্ৰজিৎ গাম,( সভাপতি) ড° শিৰোমণি ভূঞা,(কাৰ্যকৰী সভাপতি)
ড° ঋতু পৰ্ণ মহন্ত ( সাধাৰণ সম্পাদক) আৰু হৃদয় ভট্টাচাৰ্য ( কোষাধ্যক্ষ)। সন্থাৰ প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে বীথিকা শইকীয়া আৰু তমস্বিনী বৰুৱাই জনোৱামতে সন্থাৰ উপসভাপতিকে ধৰি বিভিন্ন কাৰ্যনিৰ্বাহক বিষয়ববীয়াসকল হ’ল ক্ৰমে মন্দাকিনী ডেকা, ড° তনুজ টায়েং, কৰ্ণেল টেৰণ, ময়ুৰী মহন্ত, ড° নিবেদিতা দাস, হিমাংশু সিংহ ৰয়, মৃদুল দাস, ড° ছৈয়দা নাছিফা ইছলাম, গুণগোবিন্দ সোণোৱাল,ভানু বসুমতাৰী, ৰঞ্জন বৰা, কৰুণাকান্ত হাজৰিকা, প্ৰশান্ত শৰ্মা, ড° হিমালিনী বেজবৰুৱা, কুলেন্দু মালাকাৰ, তছলিমা আহমেদ, স্বৰাজ ফুকন,আৰু ড° সুস্মিতা চৌধুৰী। পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি অন্যান্য বিশেষ সদস্যসকলকো বাছনি কৰি লোৱাৰ ব্যৱস্থা ৰখা হৈছে। অধিবেশনৰ মুকলি সভাৰ অনুষ্ঠানৰ আঁত ধৰে পূৰ্বৰ যুটীয়া সম্পাদক তথা নৱনিৰ্বাচিত সম্পাদক ড ০ ঋতু পৰ্ণ মহন্তই ।আশা কৰা হৈছে নতুন সমিতিখনে ৰাজ্যৰ শিক্ষক শিক্ষাৰ ক্ষেত্ৰখনৰ উন্নতি তথা বহু ন্যায্য দাবীসমূহ পুৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সৌহাৰ্দ্যপূৰ্ণভাবে কাম কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...