বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

নাজিৰাৰ মেজেঙ্গাৰ সৰবৰহী মহিলা তথা বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ সোমবাৰৰ পুৱতি নিশা দেহাৱসান ঘটে। অসুস্থতাৰ হেতু যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। হৃদৰোগকে ধৰি আন অসুস্থতাৰ হেতু চিকিৎসাধীন হৈ থকা গগৈয়ে পুৱতি নিশা ২.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে, তেওঁৰ পুত্ৰ BBC এছিয়া পেছিফিক এডিটৰিয়েলৰ দায়িত্বত থকা শচীন গগৈকে ধৰি আন এগৰাকী কন্যাক ইহঃসংসাৰত এৰি থৈ গৈছে। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত অঞ্জলী গগৈয়ে আধাতে স্কুল এৰা বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ সৈতে জড়িত হৈ আছিল।

তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও অঞ্জলী গগৈৰ মৃত্যুত শোক ব্যক্ত কৰে। নাজিৰাৰ মেজেঙ্গাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...