সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ

‘তুমি অহাৰ কথা আছিল, প্ৰতিশ্ৰুতি দিছিলা উভতি অহাৰ…’ মুহূৰ্ততে সকলো থান-বান হৈ গ’ল। কথা আছিল পুনৰ লগ পোৱাৰ। কথা আছিল মনৰ কথাবোৰ পতাৰ। কিন্তু সপোন সপোন হৈয়ে ৰ’ল। বুকুত অজুত সপোন বান্ধি ওলাই যোৱা মানুহজন আৰু উভতি নাহিল…

গুজৰাটৰ জামনগৰত জাগুয়াৰ জেট দুৰ্ঘটনাত নিহত ভাৰতীয় বায়ুসেনাৰ ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। শব্দৰে বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি এতিয়া ঘৰখনত। হাৰিয়ানাত সম্পূৰ্ণ সামৰিক সন্মানেৰে সম্পূৰ্ণ হয় সিদ্ধাৰ্থ যাদৱৰ অন্তিম অনুষ্ঠান। অগণন লোক, ভাৰতীয় বায়ুসেনাৰ বিষয়া, সশস্ত্ৰ বাহিনীৰ সদস্য, আৰক্ষী বিষয়া আৰু ৰাজনৈতিক নেতাই শেষ বিদায় জনাই সিদ্ধাৰ্থ যাদৱক।

শেষকৃত্যস্থলীত উপস্থিত আছিল সিদ্ধাৰ্থৰ বাগদত্তাগৰাকী। সিদ্ধাৰ্থৰ নিথৰ শৰীৰৰ কাষত কান্দি কান্দি ঢলি পৰে তেওঁ। চকুৰ পানীৰে বাট নেদেখা যুৱতীগৰাকীয়ে কৈ গ’ল সিদ্ধাৰ্থই কৈ যোৱা কথাবোৰ, ‘তুমি অহাৰ কথা আছিল…উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিলা, কিন্তু…’ উল্লেখ্য যে ২ নৱেম্বৰত তেওঁলোকৰ বিয়াৰ কথা আছিল। কিন্তু নিয়তিয়ে যেন সেয়া হ’বলৈ নিদিলে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...