এইখন অসমতে ক’ত ৯৪ টকাৰ ওপৰত পেট্ৰ’লৰ দাম?

গুৱাহাটী, ১৪ জুন, NKTV: ৰাজ্যত অব্যাহত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি। পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ বাবে এতিয়া মুৰৰ কামুৰণিৰ সৃষ্টি কৰিছে। মহানগৰী গুৱাহাটীত এতিয়া পেট্ৰ’লৰ মূল্য ৯২.১২ টকা হোৱাৰ বিপৰীতে ৮৬.৮৫ টকা হলগৈ প্ৰতি লিটাৰ ডিজেলৰ মূল্য। এইখন অসমতেই এতিয়া ৯৪ টকাকৈও সাধাৰণ ৰাইজে ক্ৰয় কৰিছে পেট্ৰ’ল। সত্ৰ নগৰী মাজুলীৰ জনতাই এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ বিপৰীতে ৯৪.৩৩ টকাৰ বিনিময়তহে ক্ৰয় কৰিব পেট্ৰ’ল। আনহাতে লক্ষীমপুৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৩.৭৬ টকা হলগৈ। আনহাতে ধেমাজিত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৩.৫৯ টকা। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ধিত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছে। পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, শিৱসাগৰ, নগাওঁ, কৰিমগঞ্জ, কাৰ্বি আংলং, কামৰূপ, হোজাই, হাইলাকান্দি, ডিমা হাচাও, চৰাইদেউ, বিশ্বনাথত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই ৯৩ টকাৰ ঘৰ পাৰ কৰিলেগৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...