ছাম্বাৰ দেশত কোপা আমেৰিকা

  • ফুটবলৰ দেশ ব্ৰাজিলত কোপা আমেৰিকা
  • ইউৰো কাপৰ সমান্তৰালকৈ লেটিন আমেৰিকাত ফুটবলৰ উন্মাদনা
  • কৰ’না বিধস্ত ব্ৰাজিলত দুভৰিৰ যাদু
  • উদ্বোধনী মেচত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী ভেনিজুৱেলা
  • নেইমাৰ-মেছীৰ পদশিল্প উপভোগৰ বাবে সাজু ফুটবলপ্ৰেমী
  • ছাম্বাৰ দেশত সৌন্দৰ্যৰ ফুটবল

অৱশেষত উৎকণ্ঠাৰ অন্ত। বিগত বৰ্ষত অতিমাৰীৰ বাবে স্থগিত হৈছিল কোপা আমেৰিকা। আয়োজকৰ দ্বায়িত্বত আছিল কলম্বিয়া-আৰ্জেণ্টিনা কিন্ত দুয়োখন দেশে টুৰ্ণামেন্টখন পাতিবলৈ অপাৰগতা দেখুওৱাত দ্বায়িত্ব মূৰ পাতি ল’লে ব্ৰাজিলে। অতি কম সময়ৰ ভিতৰত সাজু হ’ল ব্ৰাজিল।

  • ৫বাৰৰ বিশ্ব চেম্পিয়নৰ দেশত জনপ্ৰিয় টুৰ্ণামেন্ট।
  • দুভৰিৰ ছন্দৰে কোন তাৰকা উজলিব?
  • নেইমাৰ, মেছি, ছুৱাৰেজ নে জেমছ ৰড্ৰিগেজ?

অধীৰ অপেক্ষাত অনুৰাগী। নেইমাৰৰ নেতৃত্বত এইবাৰৰ টুৰ্ণামেন্টত খেলিব ঘৰুৱা দল ব্ৰাজিলে। ভেনিজুৱেলাৰ বিপক্ষে জয়েৰে অভিযান চলোৱাৰ লক্ষ্য। ১০ টা দলে টুৰ্ণামেন্টখনত ভাগ ল’লেও হট ফেভাৰিট ব্ৰাজিল-আৰ্জেণ্টিনা।
এইবাৰ ব্যৰ্থতাৰ অৱসান ঘটাই খিতাপ জয় কৰিব নে আৰ্জেণ্টিনাই নে পুনৰ মুকুটবিহীন সম্ৰাটেই হৈ থাকিব লিঅ’নেল মেছী? সেয়াও এতিয়া অনুৰাগীৰ বাবে লাখটকীয়া প্ৰশ্ন।

অঘটনৰ বাবে সাজু উৰুগুৱে,পাৰগুৱে,চিলি,কলম্বিয়া। এতিয়া মাথোঁ দৃষ্টি থাকিব ইউৰোপ আৰু লেটিন আমেৰিকাত। কৰ’নাক জয় কৰি বিশ্ববাসীক ফুটবল জ্বৰত আক্ৰান্ত কৰিব ইউৰো আৰু কোপা আমেৰিকাই। এফালে ৰনাল্ডো-এমবাপ্পেৰ দ্বৈ-ৰথ আনফালে মেছি-নেইমাৰৰ পদশিল্পৰ সাক্ষী হৈ ৰ’ব বিশ্বৰ ফুটবলপ্ৰমী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...