আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল, এই কোম্পানীটোৰ সৈতে তেওঁলোকৰ বহু স্মৃতি জড়িত হৈ আছে। স্নেক গেম, আইকনিক ৰিংটন, পিকচাৰ মেছেজ আৰু বহু স্মৃতি।
কিন্তু স্মাৰ্টফোনৰ যুগ আৰম্ভ হোৱাৰ লগে লগে বজাৰৰ পৰা ন’কিয়াই বিদায় লোৱাৰ দৰে অৱস্থা হ’ল।
আপুনি জানি নিশ্চয়কৈ সুখী হ’ব যে, পুনৰ নতুন ৰূপত বজাৰলৈ আহিব আপোনাৰ প্ৰিয় মোবাইল ফোন কোম্পানীটো।
এই ভাল খবৰটোৰ আঁৰত আছে টাইৱানৰ এজন বিশেষ ব্যক্তি। তেওঁ ন’কিয়াক দিব ৮,৪০০ কোটি টকা। কিন্তু, কিয় এই ব্যক্তিজনে দেউলীয়া হোৱা এটা কোম্পানীত ইমানবোৰ টকা বিনিয়োগ কৰিব বিচাৰিছে? তেওঁ আচলতে নিজৰ টকাকেইটা পানীত পেলাব বিচাৰিছে নেকি?
টাইৱানৰ সেই বিশেষ ব্যক্তিজন আপুনি-মই ভবাৰ দৰে হোজা মানুহ নহয়। তেওঁ বৰ্তমান বিশ্ব বজাৰৰ এজন প্ৰসিদ্ধ খেলুৱৈ। দেউলীয়া হোৱা বুলি আপুনি-মই ভাবি থকা ন’কিয়াক লৈ Nvidiaৰ CEO তথা টাইৱানৰ জেনছেন হোৱাঙে দেখে ভৱিষ্যতৰ সপোন।
হয়, ন’কিয়াই হয়তো মোবাইল ফোন বনোৱা বন্ধ কৰি দিছে, কিন্তু তেওঁলোকে আন উপায়েৰে পুনৰ বজাৰলৈ আহিব বিচাৰিছে।
জেনছেনৰ ঘোষণা – আমি প্ৰথমবাৰৰ বাবে AI প্ৰচেছিং কৰিব পৰা এটা চফ্টৱেৰ-নিৰ্ধাৰিত, প্ৰগ্ৰেমেবল কম্পিউটাৰ নিৰ্মাণ কৰিবলৈ ওলাইছো। আৰু আমাৰ এই প্ৰযুক্তিক সফল কৰিবলৈ ন’কিয়াই আমাৰ সৈতে কাম কৰিবলৈ বিচাৰে।
জানিব পৰামতে, Nvidiaই ন’কিয়াত ৮,৪০০ কোটি টকা বিনিয়োগ কৰিছে। মোবাইলৰ বজাৰৰ পৰা বিদায় ল’লেও বতৰ্মান NOKIA এক বিশ্বব্যাপী টেলিকমিউনিকেচন আন্তঃগাঁথনিৰ কোম্পানীত পৰিণত হৈছে। আজি 5G নেটৱৰ্ক, ফাইবাৰ আন্তঃগাঁথনি, ক্লাউড চিষ্টেম, ডাটা চেণ্টাৰ নেটৱৰ্কিং, আৰু টেলিকমিউনিকেচনৰ সঁজুলিৰ ক্ষেত্ৰত NOKIA প্ৰধান খেলুৱৈ। বৰ্তমান ই 6G প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।
গতিকে, ন’কিয়াই এতিয়া এপল বা ছেমচাং হ’বলৈ চেষ্টা কৰা নাই। ইণ্টাৰনেটৰ মেৰুদণ্ড হ’বলৈহে চেষ্টা কৰিছে।
Nvidiaৰ পৰা লাভ কৰা ধনেৰে ন’কিয়াই নিজৰ AI আৰু নেটৱৰ্ক প্ৰযুক্তিৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব। কোম্পানী দুটাই নিৰ্মাণ কৰিব AI চালিত নেটৱৰ্ক। তেওঁলোকে একেলগে ভৱিষ্যতৰ 6Gৰ ব্যৱস্থা নিৰ্মাণ কৰিব।
Nvidiaই ছুপাৰ ব্ৰেইন অৰ্থাৎ চিপছ তৈয়াৰ কৰে। আৰু মগজুৱে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰিবলৈ প্ৰয়োজনীয় ছুপাৰ হাইৱে’ নিৰ্মাণ কৰে ন’কিয়াই।
আপুনি এইটোও জানি থোৱা ভাল যে, Nvidiaৰ এই ঘোষণাৰ পিছত ন’কিয়াৰ ষ্টক ২০%তকৈ অধিক বৃদ্ধি পালে।
Nvidia বিশ্বৰ প্ৰথমটো ৫ ট্ৰিলিয়ন ডলাৰৰ কোম্পানী। ইয়াৰ বজাৰ মূল্য কেইবাখনো দেশৰ সংযুক্ত মূল্যতকৈ অধিক। Nvidia যদি এখন দেশ হ’লহেঁতেন তেন্তে অৰ্থনীতিৰ ক্ষেত্ৰত ই বিশ্বৰ শীৰ্ষ ৫খন দেশৰ ভিতৰত থাকিলেহেঁতেন।
আমেৰিকা, চীন, আৰু জাৰ্মানীৰ ঠিক তলতে থাকিলে হয় Nvidia।
বিশ্বৰ আটাইতকৈ ধনী কোম্পানীটোৰ সৈতে ন’কিয়াৰ মিত্ৰতা ফলপ্ৰসূ হোৱা বুলি প্ৰমাণিত হৈছে। মানুহে ভাবিছিল যে, NOKIAশেষ হৈ গৈছে। কিন্তু Nvidiaই NOKIAৰ সৈতে ইণ্টাৰনেটৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে কাম কৰি গৈছে।
NOKIAৰ পৰা আমি দুটা কথা শিকিব পাৰোঁ। প্ৰথম কথা, যদিহে আপুনি ব্যৱসায় বা আন কোনো ক্ষেত্ৰত নতুন কাম কৰাত ব্যৰ্থ হয়, তেন্তে আপুনি আজি বজাৰৰ নেতা হ’লেও কাইলৈ বজাৰৰ পৰা বিদায় ল’ব লাগিব।
আৰু দ্বিতীয়তে, যদি আপুনি সদায়েই চলিত বজাৰখন অধ্যয়ন কৰি সেইমতে মনোনিৱেশ কৰে, তেন্তে আপুনি পৰৱৰ্তী দশকটোৰ HERO হ’ব পাৰে। যি NOKIAৰ মোবাইলত আপুনি স্নেক গেম খেলিছিল, ভৱিষ্যতৰ ন’কিয়াই AI ছুপাৰ নেটৱৰ্ক আৰু 6G চহৰক শক্তি প্ৰদান কৰাত সহায় কৰিব।
NOKIA নোহোৱা হৈ যোৱা নাছিল। সেইসময়ত তেওঁলোকে ভৱিষ্যতৰ HERO হোৱাৰ সপোন ৰচনাতহে ব্যস্ত আছিল। সাধাৰণ ৰাইজৰ চকুত নপৰিলেও Nvidiaৰ চকুত কিন্তু ঠিকেই পৰিল। পুনৰবাৰ প্ৰমাণ হ’ল Nvidiaৰ CEO জেনছেন হুৱাঙৰ দুৰদৰ্শিতা।
