বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ কৰি চাবুৱাস্থিত ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা দুদিনীয়া জিলা পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২০২৬ ৰ সফলতাৰে সামৰণি পৰে। ৩ আৰু ৪ জুনত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীয়ে ডিব্ৰুগড় জিলাৰ যুৱ উদ্ভাৱকসকলক তেওঁলোকৰ বৈজ্ঞানিক সৃজনীশীলতা আৰু সমস্যা সমাধানৰ দক্ষতা প্ৰদৰ্শনৰ অৰ্থে সজীৱ মঞ্চ প্ৰদান কৰে।

৩ জুনত ডায়েট ডিব্ৰুগড়ৰ অধ্যক্ষ মনোজ কুমাৰ সিং চৌহান আৰু চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠানেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটে। এই প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৪১ টা দলে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থীসকলৰ প্ৰকল্পসমূহৰ মূল্যায়নৰ বাবে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° দীপাংকজ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মীনাক্ষী পূজাৰী আৰু দুলীয়াজান মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° আমিৰ বৰহোই বিচাৰক হিচাপে উপস্থিত থাকে। প্ৰথম দিনাৰ কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ আছিল ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতি। তেওঁ ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু সৃষ্টিশীলতাৰ প্ৰশংসা কৰি সমসাময়িক প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ যুৱ প্ৰজন্মক উৎসাহিত কৰে।

কাৰ্যসূচীৰ দ্বিতীয় দিনটোৰ আৰম্ভণিতে ডায়েট ডিব্ৰুগড়ৰ জ্যেষ্ঠ প্ৰবক্তা ড° নয়নমণি ফুকনে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত দুখন বিশেষ অন্তৰংগ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথমখন সত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ড° জিতু ৰঞ্জন চেতিয়াই ‘বিজ্ঞানৰ জনপ্ৰিয়কৰণ’ আৰু দ্বিতীয়খন সত্ৰত ডিডিআৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড° জয়দীপ বৰাই ‘গণিতৰ জনপ্ৰিয়কৰণ’ সম্পৰ্কে আলোকপাত কৰে।

অনুষ্ঠানৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত শ্ৰেষ্ঠ আৰ্হি প্ৰদৰ্শন কৰা বিদ্যালয়সমূহক পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম পাঁচটা স্থান অধিকাৰ কৰে ক্ৰমে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় (বকুলনি), জ্ঞান বিজ্ঞান ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, পিএম বিন্ধাকটা হাইস্কুল, দুলীয়াজান উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোপীনাথ বৰদলৈ মেম’ৰিয়েল হায়াৰ চেকেণ্ডাৰী স্কুলে| এই নিৰ্বাচিত দলসমূহে ৩৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২০২৬ ত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। এই সমগ্ৰ কাৰ্যসূচী ডায়েট ডিব্ৰুগড়ৰ প্ৰবক্তা উন্মনা মাঝি আৰু বেঞ্জামিন বুঢ়াগোহাঁইৰ তত্ত্বাৱধানত তথা প্ৰতিষ্ঠানখনৰ কৰ্মকৰ্তা আৰু শৈক্ষিক বিষয়াসকলৰ সহযোগত সূচাৰুৰূপে পৰিচালিত হয়। অনুষ্ঠানটিৰ জিলা সমন্বয়ক উন্মনা মাঝিৰ শলাগৰ শৰাই আৰু ৰাষ্ট্ৰীয় সংগীতেৰে এই বৰ্ণিল অনুষ্ঠানৰ সামৰণি পৰে।
