ভাঙি পেলোৱা হৈছে ২২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নতুন ভৱনৰ আন্তঃগাঁঠনিত বেমেজালি। পুনৰ নতুন ৰূপ দিয়া হ’ব অসম বিধানসভাৰ নতুন ভৱনক। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত ভাঙি পেলোৱা হৈছে নতুন ভৱনটো। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ফেব্ৰুৱাৰী মাহত এদিনৰ বাবে নতুন ভৱনত হৈছিল সদনৰ কাম-কাজ। ডিচেম্বৰৰ পৰা বিধানসভাৰ নতুন ভৱনত সদন পৰিচালিত হোৱাৰ আশা কৰা হৈছিল। ২২৮কোটি টকা ব্যয় সাপেক্ষে কলিকতাৰ চিমপ্লেক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছিল বিধানসভাৰ নতুন ভৱনটো। আসন সমূহ সঠিকভাৱে নোহোৱাত তথা সুবিধাজনকভাৱে নিৰ্মাণ নকৰাৰ বাবে ভাঙিবলগীয়া হৈছে নতুন ভৱনটো। ২০০৯ চনতে কাম আৰম্ভ কৰিছিল কোম্পানীটোৱে। জানিব পৰা অনুসৰি পুনৰ হ’ব নিবিদা প্ৰক্ৰিয়া, ২০৩ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হ’ব ভৱনটো। দেশৰ বিভিন্ন প্ৰান্তৰ কোম্পানীয়ে অংশ ল’ব পাৰিব নিবিদা প্ৰক্ৰিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...