ঘোষণা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অহা ৫ ফেব্ৰুৱাৰীত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। ৮ ফেব্ৰুৱাৰীত হ’ব নিৰ্বাচনৰ ফলাফল ঘোষণা। মুঠ ৭০টা বিধানসভা সমষ্টিত হ’ব নিৰ্বাচন। ১০ জানুৱাৰীত আনুষ্ঠানিকভাৱে প্ৰকাশ পাব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ দাখিলৰ অন্তিম দিন ১৭ জানুৱাৰী। দেশৰ মুখ্য নিৰ্বাচন বিষয়া ৰাজীৱ কুমাৰৰ সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে নিৰ্বাচনৰ দিন। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, দেশৰ ৰাজধানীত ১.৫ কোটি ভোটাৰৰ বাবে ৩৩ হাজাৰ বুথ নিৰ্মাণ কৰা হৈছে। ইয়াৰে ৮৩.৪৯ লাখ পুৰুষ আৰু ৭৯ লাখ মহিলা ভোটাৰ আছে। ২.০৮ লাখ নতুন ভোটাৰ। ৮৩০ জন ভোটাৰৰ বয়স ১০০ বছৰৰ অধিক। কোনে লাভ কৰিব দিল্লীৰ শাসনৰ বাঘজৰী, জানিবলৈ অপেক্ষা কৰিব লাগিব অহা ৮ ফেব্ৰুৱাৰীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...