ঘোষণা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অহা ৫ ফেব্ৰুৱাৰীত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। ৮ ফেব্ৰুৱাৰীত হ’ব নিৰ্বাচনৰ ফলাফল ঘোষণা। মুঠ ৭০টা বিধানসভা সমষ্টিত হ’ব নিৰ্বাচন। ১০ জানুৱাৰীত আনুষ্ঠানিকভাৱে প্ৰকাশ পাব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ দাখিলৰ অন্তিম দিন ১৭ জানুৱাৰী। দেশৰ মুখ্য নিৰ্বাচন বিষয়া ৰাজীৱ কুমাৰৰ সংবাদমেলযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে নিৰ্বাচনৰ দিন। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, দেশৰ ৰাজধানীত ১.৫ কোটি ভোটাৰৰ বাবে ৩৩ হাজাৰ বুথ নিৰ্মাণ কৰা হৈছে। ইয়াৰে ৮৩.৪৯ লাখ পুৰুষ আৰু ৭৯ লাখ মহিলা ভোটাৰ আছে। ২.০৮ লাখ নতুন ভোটাৰ। ৮৩০ জন ভোটাৰৰ বয়স ১০০ বছৰৰ অধিক। কোনে লাভ কৰিব দিল্লীৰ শাসনৰ বাঘজৰী, জানিবলৈ অপেক্ষা কৰিব লাগিব অহা ৮ ফেব্ৰুৱাৰীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...