গুৱাহাটী, ১০ জুন, NKTV:মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰিছে। অভিনেতাজনৰ পিতৃয়ে সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা চিনেমাৰ মুক্তিত বাধা আৰোপ কৰিবলৈ জনোৱা দাবীক নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। সুশান্তৰ পিতৃ কে কে সিঙে দিল্লী উচ্চ ন্যায়ালয়ত সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা যিকোনো ছবি নিৰ্মাণত বাধা আৰোপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। NYAY-The Justice, Shasank, Suicide or Murder-A Story Was Lost-এই কেইখন ছবিৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে আবেদন দাখিল কৰিছিল। কে কে সিঙৰ মতে এই ছবি কেইখনে প্ৰয়াত অভিনেতাজনৰ কাহিনী বাখ্যা কৰিছে। তেওঁৰ মতে এনেধৰণৰ ছবি নিৰ্মাণে সুশান্তৰ মৃত্যু সন্দৰ্ভত চলোৱা জেৰাত অসুবিধাৰ সৃষ্টি কৰি পাৰে। কিন্তু এই ঘটনা সন্দৰ্ভত ANIয়ে টুইট কৰিছে শেহতীয়া খবৰ। দিল্লী উচ্চ ন্যায়ালয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰাৰ কথা টুইট যোগে প্ৰকাশ কৰিছে ANIয়ে।