গুৰুতৰ বিদ্যুৎ সংকটে দেখা দিছে দিল্লীত

দিল্লীত দেখা দিছে গুৰুতৰ বিদ্যুৎ সংকটে। কয়লাৰ বৰ্ধিত চাহিদাৰ বাবেই দিল্লীত দেখা দিছে এনে বিদ্যুৎ সংকটে। কংগ্ৰেছৰ অভিযোগ অনুসৰি কেজৰিৱালৰ বাবেই সৃষ্টি হৈছে এই সংকটৰ। দীৰ্ঘম্যাদী চুক্তিৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বিদ্যুৎ প্ৰকল্পসমূহে নিয়মীয়াকৈ দিল্লীৰ কোম্পানীসমূহলৈ বিদ্যুৎৰ যোগান ধৰে। জৰুৰীকালীন সময়ত বেংকিং পদ্ধিতৰ দ্ধাৰা বিদ্যুৎৰ যোগান ধৰা হয়। ইয়াৰ দ্ধাৰা বিদ্যুৎ কোম্পানীসমূহত যদি কেতিযাবা বিদ্যুৎৰ সমস্যা হয়, তেতিয়া বিদ্যুৎ কোম্পানীসমূহে ৬৯০ মেগাৱাত বিদ্যুৎ লাভ কৰে।

বৰ্তমান দিল্লীত দেখা দিয়া বিদ্যুৎ সংকটৰ ফলত বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ গ্ৰীষ্মকালীন কাৰ্য পৰিকল্পনাও ভাঙি পৰা দেখা গৈছে। কয়লা সংকটৰ বাবে দিল্লীত দেখা দিয়া বিদ্যুৎ সংকটৰ বাবে বিদ্যুৎ প্লটৰ দ্ধাৰাও দিল্লীয়ে কোনো ধৰণৰ বিদ্যুৎ লাভ নকৰিব। তদুপৰি বিদ্যুৎ কোম্পানীটোৱে ৬০০ মেগাৱাট সৌৰ শক্তি, ৩০০ মেগাৱাট বায়ু শক্তি আৰু আৰ্ৱজনাৰ দ্বাৰা উত্পাদিত ৩১ মেগাৱাট শক্তি যোগান ধৰাৰ দাবী কৰে। এইবাৰ কেৱল গ্ৰীষ্মতেই নহয় দিল্লীয়ে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। এইবাৰ গ্ৰীষ্ম কালত বিদ্যুৎৰ সৰ্বাধিক চাহিদা ৮০০০ মেগাৱাট অতিক্ৰম কৰাৰো সম্বাৱনা আছে। বিগত বৰ্ষত দিল্লীয়ে প্ৰায় ৭৩২৩ মেগাৱাট বিদ্যুৎৰ চাহিদাত উপনীত হৈছে।

দিল্লীৰ বিদ্যুৎ কোম্পানীসমূহে জনোৱা অনুসৰি ব্লেকআউটৰ ক্ষেত্ৰত জৰুৰীকালিন ব্যৱস্থাৰ অধীনত বিদ্যুৎৰ যোগান ধৰা হয়। লগতে এইটোও সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে যে জৰুৰীকালিন ব্যৱস্থাৰ সময়ত স্বাভাৱিক জীৱনৰ বাবে বিদ্যুৎৰ যোগান ধৰা হ’ব নে নহয়।

আনহাতে কংগ্ৰেছে কৈছে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পলমকৈ সাৰ পাইছে। লগতে প্ৰদেশ কংগ্ৰেছে কৈছে দিল্লীৰ মুখ্যমন্ত্ৰী বিদ্যুৎ সংকটৰ বাবে সম্পূৰ্ণ অসহায় পৰিস্থিতিত আছে। আনহাতে বৰ্তমান সময়ত দিল্লীৰ লোকসকলে বিদ্যুৎৰ সংকটৰ ফলত প্ৰচণ্ড গৰমত ভুগিব লগীয়া হৈছে। বিদ্যুৎৰ সংকটত ভুগি থকা দিল্লীৰ লোকসকলৰ সমস্যা সমাধান কৰাৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীয়ে কয় যে, আন ৰাজ্য সমূহত বিদ্যুৎৰ সংকট অধিক।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...