কণমানি আলহীক আদৰিবলৈ সাজু হৈছে দীপিকা-ৰণবীৰ

পিতৃ-মাতৃ হ’বলৈ আগবাঢ়িছে বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। দুয়োৰে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হ’বলৈ ওলাইছে। শীঘ্ৰেই তেওঁলোকৰ ঘৰলৈ নতুন সদস্যৰ আগমন ঘটিব। সম্প্ৰতি এই খবৰটো সামাজিক মাধ্যমত নিজেই শ্বেয়াৰ কৰিলে তাৰকা দম্পতীয়ে।

কণমানি আলহীক আদৰিবলৈ সাজু হৈছে দীপিকা-ৰণবীৰ
বিবাহৰ ৬ বছৰৰ পিছত দুয়োৰে জীৱনলৈ আহিব নতুন আলহী

কম দিনৰ ভিতৰতে মাতৃ হ’ব মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন । এই ভাল খবৰটো ছ’চিয়েল মিডিয়াত নিজেই শ্বেয়াৰ কৰিছে তাৰকা দম্পতীয়ে। ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকন । ৩৮ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ হ’বলৈ ওলাইছে বলীউডৰ ডিভা। শেহতীয়াকৈ ৭৭ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডত উপস্থিত আছিল মোহময়ী দীপিকা। হলিউডত অনুষ্ঠিত এৱাৰ্ড শ্ব’টোত সব্যাসচীয়ে ডিজাইন কৰা এখন শাৰী পিন্ধিছিল দীপিকাই। Light মেকআপ আৰু কম গহনাৰে যথেষ্ট ধুনীয়া দেখা গৈছিল দীপিকা পাডুকনক। শ্ব’টোৰ ৰেড কাৰ্পেটত খোজ কাঢ়োঁতেই স্পষ্টকৈ দেখা গৈছিল দীপিকাৰ বেবী বাম্প। সম্প্ৰতি এইবাৰ নিজৰ ভাল খবৰটো মুকলিকৈ অনুৰাগীক জনালে ৰণবীৰ-দীপিকাই।

ছেপ্তেম্বৰত মাহতে কণমানিৰ কোলাহলে ভৰাব ৰণবীৰ-দীপিকাৰ ঘৰ

অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পষ্টৰ পৰাই স্পষ্ট হৈছে এই কথা। শিশুৰ কাপোৰ, জোতা, বেলুন আদি সৰু-সৰু বস্তুৰে সজোৱা এখন মৰমলগা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে দীপিকাই। অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰে উৎফুল্লিত কৰিছে তেওঁৰ অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...