পূৰ্বোত্তৰত কমিছে উগ্ৰপন্থাৰ চোক

অসমত শেহতীয়াভাৱে যুৱক-যুৱতীৰ আলফামুখী সোঁত বৃদ্ধি পালেও সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত কমি আহিছে উগ্ৰপন্থাৰ চোক। এই দাবী খোদ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিগত আঠটা বছৰত অঞ্চলটোৰ পৰিস্থিতিলৈ আহিছে চকুত লগা উন্নতি। ইয়াৰ ভিতৰত ২০২০ চনত সৰ্বনিম্ন পৰিমাণৰ উগ্ৰপন্থাজনিত অঘটন ঘটিছে উত্তৰ-পূৰ্বাঞ্চলত। এই বছৰটো উগ্ৰপন্থাজনিত হতাহতৰ সংখ্যাও আছিল সৰ্বনিম্ন। এয়া ২০১৪ চনৰ তুলনাত ৮০ শতাংশ কম। ২০২১ চনত উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযানত ৭৫ শতাংশ সুৰক্ষাকৰ্মী কমকৈ হতাহত হৈছে। অসামৰিক লোক হতাহত হৈছে ৯৯ শতাংশ কমকৈ।

একেখন প্ৰতিবেদনে আৰু প্ৰকল্প কৰামতে শেহতীয়াভাৱে মিজোৰাম, ছিক্কিম আৰু ত্ৰিপুৰা সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হৈ পৰিছে। আনহাতে অৰুণাচলত ৪২ শতাংশ, অসমত ১২ শতাংশ, মিজোৰামত ২৩ শতাংশ আৰু নাগালেণ্ডত ৪৫ শতাংশ কমিছে উগ্ৰপন্থীজনিত সমস্যা।

এইখন প্ৰতিবেদনেই আৰু সদৰি কৰামতে, উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৮খন ৰাজ্যৰ ভিতৰৰে ছয়খনত প্ৰায় ৪০টা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে। এই মুহূৰ্তৰ সক্ৰিয় উগ্ৰপন্থী নথকা পূৰ্বোত্তৰৰ একমাত্ৰ ৰাজ্য দুখন হৈছে ছিক্কিম আৰু মিজোৰাম। আনহাতে আটাইতকৈ বেছি সংখ্যক সক্ৰিয় উগ্ৰপন্থী গোট থকা ৰাজ্য হৈছে মণিপুৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...