মৰক্কোত বিধ্বংসী ভূঁইকঁপত নিহতৰ সংখ্যা ২ হাজাৰলৈকে বৃদ্ধি

ভূমিকম্প বিধ্বস্ত মৰক্কোত ইতিমধ্যে ২ হাজাৰৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। পাহাৰীয়া দেশ মৰক্কোৰ দুৰ্গম অঞ্চললৈ উদ্ধাৰকাৰী দল এতিয়ালৈ গৈ নোপোৱাৰ বাবে এই দুৰ্যোগত দেশখনৰ আৰু কিমান লোকৰ মৃত্যু হ’ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

মৰক্কোত বিধ্বংসী ভূঁইকঁপত নিহতৰ সংখ্যা ২ হাজাৰলৈকে বৃদ্ধি
আহত ২ হাজাৰৰো অধিক, এতিয়াও বহুলোক আবদ্ধ ধ্বংসস্তূপৰ মাজত
শুকুৰবাৰে নিশাৰ ভূমিকম্পত বৃহৎ ক্ষয়-ক্ষতি দেশখনৰ
ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত বিধ্বস্ত মাৰাকেশ চহৰ
এই চহৰৰ পৰা ৭২ কিঃমিঃ নিলগত আছিল

শুকুৰবাৰে নিশা প্ৰায় ১১:১১ বজাত বিধ্বংসী ভূমিকম্পই জোকাৰিছিল পাহাৰীয়া দেশ মৰক্কো। ভূমিকম্প অহাৰ সময়ত দেশখনৰ অধিকাংশ লোক টোপনিৰ জালত পৰিছিল। তাৰ ফলতেই এই ভূমিকম্পত অসংখ্য লোকৰ মৃত্যু হৈছে। ধ্বংসস্তূপৰ মাজত এতিয়াও অসংখ্য লোক আবদ্ধ হৈ থকাৰ বাতৰি আহিছে। সম্প্ৰতি ৰাষ্ট্ৰখনৰ চৌপাশে ব্যাপক উদ্ধাৰ অভিযান অব্যাহত আছে।

বিগত ৬০ বছৰত মৰক্কোত আটাইতকৈ ভয়াৱহ দুৰ্যোগ চিহ্নিত হৈছে এইবাৰৰ ভূমিকম্প
মৰক্কোৰ দুৰ্গম এলেকালৈ এতিয়াও গৈ পোৱা নাই উদ্ধাৰকাৰী দল
মৰক্কোলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে সাহায্য সামগ্ৰী
এইক্ষেত্ৰত বাদ পৰি ৰোৱা নাই মৰক্কোৰ শত্ৰু দেশ আলজেৰিয়াও
মৰক্কোৰ চুবুৰীয়া আলজেৰিয়াৰ পৰা ইতিমধ্যে আহিছে সাহায্য সামগ্ৰী

মৰক্কোৰ দুৰ্গতসকলৰ বাবে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে প্ৰেৰণ কৰিছা সাহায্য সামগ্ৰী। উদ্ধাৰ অভিযানত সহযোগ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰয়ো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মৰক্কোৰ এই দুঃসময়ত ভাৰতে সাহায্য আগবঢ়াব বুলি মত প্ৰকাশ কৰিছে।

সাহায্য সামগ্ৰী আহিছে তুৰষ্ক, কাটাৰ, ফ্ৰান্স, জাৰ্মানী, ডুবাই আদিৰ পৰা

মৰক্কোত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’লেহে এই ভয়াৱহ ভূমিকম্পত কিমান লোকৰ মৃত্যু হ’ল তাৰ প্ৰকৃত তথ্য জানিব পৰা যাব। ইতিমধ্যে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি ইতিমধ্যে দেশখনত ৩ দিনীয়া শোক পালন কৰিবলৈ সিদ্ধান্ত লৈছে মৰক্কো চৰকাৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...