খেলপথাৰৰ বাহিৰৰ বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰিলে দুৰ্দান্ত পাক পেচবলাৰ শ্বাহিন আফ্ৰিদীয়ে

ভাৰত-পাকিস্তানে পৰস্পৰক শত্ৰু দেশ বুলিয়েই গণ্য কৰে
ভাৰত-পাকিস্তানৰ শত্ৰুতা পৰিস্ফূট হয় খেলপথাৰতো
ভাৰত-পাকিস্তানৰ খেল মানেই হৈ পৰে ৰণক্ষেত্ৰ
ভাৰত আৰু পাকিস্তানৰ সমৰ্থকৰ মাজতো হয় ব্যাপক দ্বন্দ্ব

কিন্তু ইয়াৰ মাজতে একাংশ খেলুৱৈৰ খেলুৱৈসুলভ মানসিকতাই খেলপথাৰত সৃষ্টি কৰিছে বিৰল পৰিৱেশ

ক্ৰিকেটৰ খেলপথাৰত ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা। ক্ৰিকেট খেলপথাৰত যিদৰে দুয়ো দলৰ খেলুৱৈয়ে প্ৰচণ্ড চাপৰ সন্মুখীন হ’বলগীয়া হয়, খেলপথাৰৰ বাহিৰত দৰ্শকৰ মাজত সৃষ্টি হয় ব্যাপক চাপৰ। কিন্তু খেলপথাৰৰ ভিতৰত শত্ৰু ভাবাপন্ন হৈ অৱতীৰ্ণ হ’লেও খেলপথাৰৰ বাহিৰত উভয় দলৰ বহু খেলুৱৈয়ে স্পৰ্ট্ছমেনশ্বিপৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

খেলপথাৰৰ বাহিৰৰ বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰিলে দুৰ্দান্ত পাক পেচবলাৰ শ্বাহিন আফ্ৰিদীয়ে। সদ্য পিতৃ হোৱা ভাৰতীয় পেচবলাৰ বুমৰাহক উপহাৰ দিলে শ্বাহিনে। পিতৃ বুমৰাহক তেওঁৰ সন্তানৰ কুশল কামনা কৰি উপহাৰ প্ৰদান শ্বাহিনৰ। শ্বাহিনে ক’লে, তোমাৰ সন্তানক ভগৱানে মংগল কৰক, হৈ উঠক আন এজন বুমৰাহ।

উল্লেখ্য যে এছিয়া কাপৰ মাজতে যোৱা ৪ ছেপ্টেম্বৰত বুমৰাহ আৰু তেওঁৰ পত্নী সঞ্জনা গণেশনৰ এটা সন্তান জন্ম হয়। বুমৰাহ দম্পতীয়ে সন্তানৰ নাম ৰাখিছে অংগত। নেপালৰ বিৰুদ্ধে ভাৰতৰ খেলৰ দিনাই জাষ্টিন বুমৰাহৰ পুত্ৰ সন্তান জন্ম হৈছিল। সন্তান জন্মৰ সময়ত পত্নীৰ ওচৰত থকা বুমৰাহে পাকিস্তানৰ বিৰুদ্ধে দেওবাৰৰ খেলত অংশ ল’বলৈ ঘৰৰ পৰা উভতি আহিছিল। দেও‍বাৰে খেল বৰষুণৰ বাবে অৰ্ধসমাপ্ত হোৱাৰ পিছত শ্বাহিন আফ্ৰিদীয়ে উপহাৰৰ টোপোলা লৈ কাষ চাপে বুমৰাহৰ। ইয়াৰ পূৰ্বেও ভাৰত-পাকিস্তানৰ খেলুৱৈয়ে খেলপথাৰৰ বাহিৰত স্প’ৰ্টছমেনশ্বিপৰ বহু উদাহৰণ দাঙি ধৰিছে।

দৃশ্য ১ : বিৰাট কোহলিয়ে তেওঁৰ এখন বেট উপহাৰ দিছে মহম্মদ আমিৰক
দৃশ্য ২ : শ্বাৰফৰাজক ইংৰাজী ক’ব নোৱাৰা বাবে সমালোচনাৰ প্ৰত্যুত্তৰ দি টুইট কৰিছিল বীৰেন্দ্ৰ সেহৱাগে
দৃশ্য ৩ : পাক মহিলা দলৰ খেলুৱৈ কাইনাজ ইমতিয়াজে ভাৰতীয় বলাৰ জুলন গোস্বামীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি বন্ধুত্বৰ পৰিচয় দিছিল
দৃশ্য ৪ : আজাহাৰ আলীৰ সন্তানৰ সৈতে ধোনী, যুৱৰাজ, কোললিৰ ফটো
দৃশ্য ৫ : এম এছ ধোনীৰ কোলাত শ্বাৰফৰাজৰ কণমানি শিশু আব্দুল্লাৰ ফটো

খেলপথাৰত শত্ৰু হ’লেও খেলপথাৰৰ বাহিৰত দুই দলৰ খেলুৱৈৰ মাজত আছে অভিন্ন বন্ধুত্ব। যিবোৰে প্ৰমাণ কৰে ক্ৰীড়া হৈছে বন্ধুত্বৰ অন্যতম উপকৰণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...