পুনৰবাৰ ইতিহাস গঢ়িলে চাৰ্বিয়ান খেলুৱৈ ন’ভাক জক’ভিচে

পুনৰ বাৰ ইতিহাস গঢ়িলে চাৰ্বিয়ান খেলুৱৈ ন’ভাক জক’ভিচে। US অ’পেনৰ খিতাপ অৰ্জন কৰি ২৪টা গ্রেণ্ডশ্লেম অৰ্জনৰ বিৰল অভিলেখৰ অধিকাৰী হ’ল ৩৬ বছৰীয়া বৰ্ষীয়ান খেলুৱৈজন। চতুৰ্থবাৰলৈ জক’ভিচে দখল কৰিলে US অ’পেনৰ খিতাপ।

US অ’পেনত চেম্পিয়ন টেনিছৰ অবিসম্বাদী সম্রাট ন’ভাক জক’ভিচ

৪ৰ্থবাৰলৈ US অ’পেনৰ পুৰুষৰ একক শাখাৰ খিতাপ অৰ্জন

২৪তমবাৰলৈ গ্রেণ্ডশ্লাম অৰ্জন কৰি অভিলেখ জক’ভিচৰ

২৪টা গ্রেণ্ডশ্লাম লাভ কৰি সমতা অৰ্জন মাৰ্গাৰেট ক’ৰ্টৰ সৈতে

US অ’পেনৰ ছেমি ফাইনেলত শীৰ্ষ স্থানৰ খেলুৱৈ কাৰ্লছ এলকাৰাজক হৰুৱাই খিতাপ অৰ্জনৰ ক্ষেত্রত যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিছিল ডেনিয়েল মেদভেদেভে। কিন্তু ফাইনেলত ৩৬ বছৰীয়া ছাৰ্বিয়ান খেলুৱৈ জক’ভিচৰ টেনিছৰ যাদুত তিস্তিব নোৱাৰিলে ২৭ বছৰীয়া ডেনিয়েল মেদভেদেভে। ২০২১ৰ US অ’পেনৰ ফাইনেলত জক’ভিচক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল মেদভেদেভে। দেওবাৰে US অ’পেনত তাৰেই মধুৰ পোতক তুলি চতুৰ্থবাৰলৈ US অ’পেন টেনিছৰ খিতাপ হাতত তুলি ল’লে জক’ভিচে।

এতিয়ালৈকে গ্রেণ্ডশ্লেমৰ ৩৬খন ফাইনেলত অৱতীৰ্ণ হৈছে জক’ভিচ

ইয়াৰ ২৪খনত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ

অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ সৰ্বাধিক ১০বাৰলৈ অৰ্জন জক’ভিচৰ

উইম্বলডনত ৭বাৰ চেম্পিয়ন হৈছে জক’ভিচ

US অ’পেন ৪বাৰ আৰু ফৰাচী অ’পেনত ৩বাৰ চেম্পিয়ন জক’ভিচ

ফাইনেলত ন’ভাক জক’ভিচে মেদভেদেভক ৬–৩, ৭–৬, ৬–৩ ছেটৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। খেলখনত প্ৰথমৰ পৰাই আধিপত্য বিস্তাৰ কৰে বৰ্ষীয়ান খেলুৱৈজনে

খেলখনত বিজয় সূত্রে জক’ভিচে লাভ কৰে ৩০ লাখ ডলাৰ

ভাৰতীয় মুদ্রাৰ হিচাপত সেই পৰিমাণ প্রায় ২৫ কোটি টকা

এই বিজয়ৰ সূত্রে জক’ভিচে পুনৰ টেনিছ বিশ্বত লাভ কৰিলে ১নং স্থান

২৪টা গ্রেণ্ডশ্লেম লাভৰ সাফল্য সন্দৰ্ভত জক’ভিচে কয় তেওঁৰ এই ট্রফী তেওঁৰ পিতৃ–মাতৃ আৰু তেওঁৰ পৰিয়ালৰ বাবে উছৰ্গা কৰিছে। ইফালে এই জয়ৰ পাছত বাস্কেটবল তাৰকা আৰু তেওঁৰ বন্ধু কবে ব্রায়াণ্টৰ সৈতে থকা এখন ফটো সন্নিবিষ্ট টি–ছাৰ্ট পিন্ধি বন্ধুলৈও উছৰ্গা কৰে তেওঁৰ এই খিতাপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...