থলুৱা বৃত্তিৰ প্ৰসাৰৰ বাবে থলুৱা দক্ষতা প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 61

দক্ষতা বৃদ্ধিৰ বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে যুৱক-যুৱতীৰ দক্ষতা বিকশাই তোলাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ৫৯টা বৃত্তিৰ অধীনত অসম দক্ষতা বিকাশ অভিযানে ৫,৭৫০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে আজিৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ‘স্কীল ভান’ নামৰ বিশেষ বাহনৰ জৰিয়তে প্রথম পর্যায়ত ৪ খন জিলাত দক্ষতা সজাগতা কাৰ্যসূচীৰ বাবে দক্ষতা যাত্ৰাৰো ফ্লেগ অফ কৰে। কামৰূপ, নলবাৰী, দৰং আৰু মৰিগাঁও জিলা এই কাৰ্যসূচীৰে সামৰি লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে আজি থলুৱা দক্ষতা প্রশিক্ষণ নামৰ আঁচনি এখনো আৰম্ভ কৰে। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ১৫ খন জিলা সামৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব আৰু প্ৰতিখন জিলাৰ পৰা ১০ জনকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। ইয়াৰ উপৰিও জলজীবন মিছন আৰু অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৫০০ গৰাকী প্ৰশিক্ষাৰ্থীক ডিবিটিৰ মাধ্যমেৰে জলপানি মুকলি কৰাৰ প্ৰক্ৰিয়াও শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চুইং ষ্টেটাৰৰ প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে আই আই টি গুৱাহাটীৰ পৰা ৫০ গৰাকী প্ৰশিক্ষাৰ্থীক ‘কংক্রিট পাম্প অপাৰেটৰ’ৰ চাকৰিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ‘প্লেচমেণ্ট লিংকড স্কীল ডেভেলপমেন্ট ট্রেইনিং প্ৰ’গ্ৰেম’ৰ অধীনত স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ জৰিয়তে ৫৭৫০ গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে হ্রস্বকালীন দক্ষতাৰ পাঠ্যক্ৰমৰ দ্বাৰা প্রশিক্ষণ প্ৰদানৰ জৰিয়তে ৰাজ্যখনত ৬০ টা প্রশিক্ষণ কেন্দ্ৰত ১০ টা খণ্ডত ৫৯ টা বিভিন্ন বৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মৌ পালন, দুগ্ধ পালন, আচাৰ প্ৰস্তুতকৰণ, গাহৰি পালন আদিত দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম দক্ষতা উন্নয়ন অভিযানৰ যৌথ প্রচেষ্টাত ৫ দিনৰ পৰা ১০ দিনীয়া এনে প্রশিক্ষণ কার্যসূচী প্রস্তুত কৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ চাৰিখন জিলাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ উদ্যমিতা আৰু দক্ষতাৰ জগতখনৰ সৈতে পৰিচয় কৰোৱাই দি ইয়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃক সামৰি লোৱাৰ অভিনৱ প্ৰয়াস এটা অসমত আৰম্ভ হৈছে। তেওঁ কয় যে অসমৰ থলুৱা শিল্প সৰ্থেবাৰীৰ কাঁহ-পিতল, মাজুলীৰ মুখা শিল্প অথবা ধুবুৰীৰ আশাৰীকান্দি গাঁৱৰ টেৰাকোটা শিল্প আদিক আধুনিক সময়ৰ সৈতে আগুৱাই নিয়াৰ বাবেও প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

জলজীবন মিছন, অসম আৰু অসম দক্ষতা উন্নয়ন অভিযানৰ ৰিকগনাইজেশান অৱ প্ৰায়ৰ লাৰ্ণিং প্ৰ’গ্ৰেম’ৰ অধীনত প্লাম্বাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৫০০ গৰাকী প্ৰশিক্ষাৰ্থীক মাননি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পকী আৰু নিৰ্মাণ সজুঁলি উৎপাদন, বিপণন আৰু বিতৰণৰ অগ্ৰণী প্ৰতিষ্ঠান চুইং ষ্টেটাৰ ইণ্ডিয়াৰ সৈতে গুৱাহাটীৰ ৰিহাবাৰীৰ অসম ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানত কংক্রিট পাম্প অপাৰ্টে’ৰ চাকৰিৰ বাবে ৫০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ প্ৰশিক্ষণ কেন্দ্ৰটো আজি উদ্বোধন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশ্বকর্মা আঁচনি শুভ উদ্বোধন কৰিব। এই আঁচনিৰ জৰিয়তে পৰম্পৰাগত শিল্পৰ সৈতে জড়িত সকলক প্ৰশিক্ষণ, মাননি, বেংকৰ জৰিয়তে ঋণ প্ৰদান আৰু সুদ ৰেহাইৰ ব্যৱস্থাকো সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ জৰিয়তে অসমত পৰম্পৰাগত শিল্পৰ গুণগতমান বৃদ্ধিত সহায়ক হৈ উঠিব। গুণগত মান আৰু আধুনিকতাৰ মাজত সমন্বয় ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিশত গুৰুত্ব প্ৰদান কৰিলে অসমত থলুৱা শিল্পৰ লগতে ইয়াৰ বাণিজ্য অধিক বিকশিত হৈ পৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। এই পর্যটনস্থলী সমূহৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে প্ৰয়াস চলাব লাগিব।

মুখ্যমন্ত্রীয়ে কয় যে, সাম্প্ৰতিক সময়ত দক্ষতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আহি পৰিছে। মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ দিশত পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিশ্ববিদ্যালয়খনত ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব। তেওঁ কয় যে অসমৰ মানুহৰ মানসিকতা সলনি কৰাৰ বাবে দক্ষতা যাত্ৰাৰ লেখীয়া পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে অতিশীঘ্ৰে এখন নতুন আঁচনি ঘোষণা কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে আজি চতুৰ্থ উদ্যোগ বিপ্লৱৰ দিশে আগুৱাই গৈছে। টাটা টেকন’লজিৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে আই টি আই সমূহ আধুনিক ৰূপত গঢ় দিব বিচৰা হৈছে। উদ্যোগ ৪.০ৰ সৈতে কাম কৰিব পৰাকৈ তেওঁলোকৰ দক্ষতা বিকশাই তোলা হ’ব। ৭ খন আই টি আই ইতিমধ্যে এই দিশত প্ৰস্তুত হৈ উঠিছে আৰু এই বছৰৰ পৰা কাম আৰম্ভ কৰিব পৰা যাব বুলি মন্তব্য কৰি তেওঁ কয় যে ৭০ খন আই টি আই আৰু পলিটেকনিক উন্নীত কৰিব বিচৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এই পদক্ষেপসমূহে নিবনুৱা সমস্যা সমাধানৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

আজিৰ এই অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাষণ প্ৰদান কৰি অনুষ্ঠানটোত শুভ উদ্বোধন কৰা প্ৰকল্পসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে কয় যে এই আঁচনিসমূহ ৰাজ্যৰ যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰাৰ লগতে আত্মসংস্থাপনৰ পথ সৃষ্টি কৰাত সহায় কৰিবলৈ আৰম্ভ কৰা হৈছে।

এই অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, চাহ জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম দক্ষতা উন্নয়ন অভিযানৰ অভিযান সঞ্চালক অংকুৰ জৈন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.