ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো

ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো। ভূমিকম্পত ৮ শতাধিক লোকৰ মৃত্যু হয়। বহু লোক আহত হৈছে ভূমিকম্পৰ ফলত। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৮।

পুৱা হোৱা ভূমিকম্পত কেইবাটাও অট্টালিকা খহি পৰে। যাৰ ফলত ৮ শতাধিক লোকৰ মৃত্যু হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰক্কোৰ মৰাকেশ চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত। ভূমিকম্পৰ প্ৰাবল্য ইমানেই আছিল যে এইৰ কম্পন্ন মৰাকেশৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ ৰাজধানী ৰবাটতো অনুভূত হয়। ভাৰত সময় অনুসৰি পুৱতিনিশা ৩.৪১ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। USGSৰ মতে, ১২০ বছৰৰ ভিতৰত উত্তৰ আমেৰিকাত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ভূমিকম্পৰ ফলত কেইবাটাও পুৰণি অট্টালিকা খহি পৰাৰ খৱৰ লাভ কৰা হৈছে। সামাজিক মাধ্যমত ভূমিকম্পৰ ভয়ংকৰ দৃশ্য ভাইৰেল পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোত ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মোদীয়ে কয়, ‘মৰক্কোত ভূমিকম্পৰ ফলত হোৱা ক্ষতিক লৈ অত্যন্ত দুখ অনুভৱ কৰিছো। এই দুখৰ সময়ত মই মৰক্কোৰ সেই লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছো, যিসকলে নিজৰ আত্মীয়ক হেৰুৱাইছে। ভাৰতে এই কঠিন সময়ত মৰক্কোক সকলো সম্ভৱপৰ সাহায্য আগবঢ়াবলৈ প্ৰস্তুত’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...