ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো

ভয়ংকৰ ভূমিকম্পত তচনচ হ’ল মৰক্কো। ভূমিকম্পত ৮ শতাধিক লোকৰ মৃত্যু হয়। বহু লোক আহত হৈছে ভূমিকম্পৰ ফলত। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৮।

পুৱা হোৱা ভূমিকম্পত কেইবাটাও অট্টালিকা খহি পৰে। যাৰ ফলত ৮ শতাধিক লোকৰ মৃত্যু হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰক্কোৰ মৰাকেশ চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত। ভূমিকম্পৰ প্ৰাবল্য ইমানেই আছিল যে এইৰ কম্পন্ন মৰাকেশৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ ৰাজধানী ৰবাটতো অনুভূত হয়। ভাৰত সময় অনুসৰি পুৱতিনিশা ৩.৪১ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। USGSৰ মতে, ১২০ বছৰৰ ভিতৰত উত্তৰ আমেৰিকাত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ভূমিকম্পৰ ফলত কেইবাটাও পুৰণি অট্টালিকা খহি পৰাৰ খৱৰ লাভ কৰা হৈছে। সামাজিক মাধ্যমত ভূমিকম্পৰ ভয়ংকৰ দৃশ্য ভাইৰেল পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোত ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মোদীয়ে কয়, ‘মৰক্কোত ভূমিকম্পৰ ফলত হোৱা ক্ষতিক লৈ অত্যন্ত দুখ অনুভৱ কৰিছো। এই দুখৰ সময়ত মই মৰক্কোৰ সেই লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছো, যিসকলে নিজৰ আত্মীয়ক হেৰুৱাইছে। ভাৰতে এই কঠিন সময়ত মৰক্কোক সকলো সম্ভৱপৰ সাহায্য আগবঢ়াবলৈ প্ৰস্তুত’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...