অত্যধিক মদ্যপান কৰি কালভাৰ্টত পৰি মৃত্যু ঘটিল যুৱকৰ!

অত্যধিক মদ্যপানৰ ফলত কালভাৰ্টৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত গুঘুবাৰী কালভাৰ্ট চ’কত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হো়ৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা ৰাইজে কালভাৰ্টৰ তলত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি সৰভোগ আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন সৰভোগ থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ বাসিন্দা নিৰণ দাসৰ পুত্ৰ শোণিত কুমাৰ দাস। অত্যাধিক মদ্যপানৰ ফলত নিশাৰ ভাগত কালভাৰ্টৰ পৰা বাগৰি পৰি অকাল মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...